শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

চামগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ… VIDEO

93

ডিজিটেল সংবাদ, চামগুৰি: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমতে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে চামগুৰিতো শনিবাৰে সন্ধিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিচ্ছবি দাহ কৰে ।

ইয়াৰোপৰি প্ৰতিবাদকাৰী সকলে চামগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই বহু সময় ধৰি আৱদ্ধ কৰি ৰাখে ৰাষ্ট্ৰীয় ঘাইপথ। ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো দিশে তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে অগপৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ দৰে বাকী সকল মন্ত্ৰীৰো একে অৱস্থা হ’ব বুলি সকীয়নি প্ৰদান কৰে চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি