চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি…

চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি…

ডিজিটেল সংবাদ, চামগুৰিঃ পক্ষীতীৰ্থ স্বৰূপে খ্যাত তথা সুস্বাদু কৰতী মাছৰ একমাত্ৰ থলি হিচাপে পৰিচিত নগাঁও জিলাৰ ঐতিহাসিক চামগুৰি বিললৈ এতিয়া নামি আহিছে চৰম ভাবুকি । যোৱা কিছুদিন ধৰি ঘোঁৰাৰ খোৰা সদৃশ আকৃতিৰ বৃহৎ মাটি-কালিৰে আগুৰা বিলখনত ৰহস্যজনক কাৰণত বহু সংখ্যক মাছৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি চিন্তিত কৰি তুলিছে স্থানীয় ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমী সকলকো।

বৰ্তমান মহলদাৰৰ তদাৰকত থকা চৰকাৰী বিল খনৰ পানীৰ বৰণ প্ৰায় হৈ পৰিছে ক'লা আৰু নি:চিহ্ন হৈ পৰিছে বহু পুৰণি বিল খনৰ পৰিচয় স্বৰূপ কৰতী মাছো ।আনহাতে বিলখন পৰিস্কাৰ কৰাৰ নামত চৰকাৰী ধন আবন্তিত হয় যদিও ডাকত লোৱা পক্ষ আৰু মহলদাৰৰ অনীহাৰ ফলত চলিত বছৰত বিল খনৰ মেতেকা-পেনাই তথা অলাগতিয়াল জাৱৰ পৰিস্কাৰ নকৰাৰ বাবেই প্ৰখৰ ৰ'দত পচি সেই সমূহে বিল খনৰ জলৰাশি দূষিত কৰি তোলাত অস্বাভাৱিক ভাবে শ শ মাছৰ মৃত্যু হৈছে বুলি স্থানীয় একাংশই জানিবলৈ দিছে ।

ইয়াৰ উপৰিও বৰ্তমান সময়ত চৰকাৰী নীতি-নিয়ম অৱজ্ঞা কৰি দিনদুপৰতে একাংশ আসাধু লোকে অবাধে বিলখনত কৰি অহা মৎস্য চিকাৰ, বিলখনত নিতৌ নিক্ষেপ কৰা ঘৰৰ পেলনীয়া জাবৰৰ লগতে বিলখনলৈ ভেটা ভাঙি সোমাই অহা সমীপৰে কেইবাখনো চাহ বাগিছাৰ ঔষধ যুক্ত পানীয়েই মাছৰ মৃত্যুৰ অন্যতম কাৰণ হৈ পৰা পৰিলক্ষতি হৈছে ।

উল্লেখ্য যে, এইদৰে থাকিলে বিলখনৰ ওপৰত নিৰ্ভৰশীল বহুবিধ স্থানীয় তথা পৰিভ্ৰমী প্ৰজাতিৰ পক্ষীলৈও চুড়ান্ত ভাবুকি আহি পৰাটো একেবাৰে নিশ্চিত বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে প্ৰকৃতিপ্ৰমী সকলে। এই ধাৰা অব্যাহত থাকিলে হয়তো কেইবছৰমান ভিতৰতেই চামগুৰি বিলত কেতিয়াও দেখা পোৱা নাযাব এতিয়াৰ দৰে সমগ্ৰ পৰিবেশটোকে জীপাল কৰি ৰখা পক্ষীকুলক। ইমানৰ পিছতো হাত সাবতি বহি থাকিবনে মহলদাৰকে ধৰি বিলখনৰ ডাক লোৱা সকল, গা লৰিবনে সংশ্লিষ্ট মীন বিভাগৰ, এই সকলোবোৰ পৰৱৰ্তী সময়ত অতিশয় লক্ষণীয় হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in