চামতাত অসম কবি সন্মিলনৰ বিশেষ সাধাৰণ সভা…

চামতাত অসম কবি সন্মিলনৰ বিশেষ সাধাৰণ সভা…

ডিজিটেল সংবাদ, টিহু:  নলবাৰী জিলাৰ চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ মঞ্চসূৰ্য ধৰণী বৰ্মন সোঁৱৰণী প্ৰেক্ষাগৃহত শনিবাৰে অসম কবি সন্মিলনৰ এখনি বিশেষ সাধাৰণ সভা সম্পন্ন হয় । কবি তথা পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি গণেশ বৰ্মনৰ পৌৰোহিত্যত হোৱা এই বিশেষ সাধাৰণ সভাখনি উদ্বোধন কৰে লেখক, সমাজকৰ্মী পুলক কুমাৰ শৰ্মাই । সভাৰ আহ্বায়ক, কবি জোন কুমাৰ হালৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত আদৰণি সমিতিৰ সভাপতি তথা 'এই সময়' কাকতৰ সম্পাদক এম হাছান আলীয়ে আদৰণি ভাষণ প্ৰদান কৰে ।

প্ৰেছ ক্লাবৰ সম্পাদক, লেখক ৰাজেন বৈশ্যই আঁতধৰা সভাখনত অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক নীলকমল বৰা, মুখ্য সাংগঠনিক সম্পাদক কৰুণাকান্ত বৰ্মন আৰু সন্মিলনৰ কামৰূপ মহানগৰ সমিতিৰ যুটীয়া সম্পাদক মনোজ দাসে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি সন্মিলনৰ লক্ষ্য, উদ্দেশ্য সন্দৰ্ভত সাৱলীল বক্তব্য প্ৰদান কৰে। সভাত পূব নলবাৰী কলেজৰ প্ৰবক্তা তথা কবি ডঃ ৰাজেশ কাকতিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বাদ্য শিল্পী নীলাক্ষী দত্তই বাঁহী বাদন কৰি সকলোকে আপ্লুত কৰায়। 

কবি  ভুৱনেশ্বৰ ডেকা, দ্বীপেন মেনা, জোন কুমাৰ হালৈ, গণেশ বৰ্মন, প্ৰভাত দাস, বৰষা বৰ্মন, বিজুমণি বৰা, নিজৰা ডেকা, আলতাফ হুছেইন, হৰ্ষমোহন শৰ্মা, সোণতৰা দেৱী আদিয়ে স্ব-ৰচিত কবিতা পাঠ আৰু শিল্পী গৌতম বৰ্মনে কৌতুক অভিনয় কৰে ।

উল্লেখ্য যে, জিলাখনৰ ভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক নবীন-প্ৰবীণ কবি তথা কাব্য চৰ্চাকাৰী উপস্থিত থকা এই সভাতে সাহিত্যাচাৰ্য ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যক সভাপতি, ভুৱনেশ্বৰ ডেকাক কাৰ্যকৰী সভাপতি, বিনয় কুমাৰ মজুমদাৰ, কমল কুমাৰ জৈন, এম হাছান আলীক উপ সভাপতি, দ্বীপেন মেনাক সম্পাদক, ৱাহিদুজ জামান, নৱৰত্ন পাটোৱাৰী, নিতুল কুমাৰ দত্তক যুটীয়া সম্পাদক, জোন কুমাৰ হালৈক পত্ৰিকা সম্পাদক, বিনয় শৰ্মাক কাব্য সংকলনৰ সম্পাদক, মনমোহন হালৈক কোষাধ্যক্ষ, আবেদুৰ ৰহমান, শংকৰ শৰ্মা, মণি ডেকা, কমল কুমাৰ শৰ্মা, এম মহিবৰ ৰহমান, পুলকেশ ৰায়বৰুৱা, গণেশ বৰ্মন, ৰাজীৱ দত্ত, আলটাফ হুছেইন, পংকজ বেজবৰুৱা, ৰাজেন বৈশ্য, নিজৰা ডেকা আৰু বৰষা বৰ্মনক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ মুঠ ২৫গৰাকী সদস্যৰে অসম কবি সন্মিলনৰ নলবাৰী জিলা সমিতিখন গঠন কৰা হয় ।

আনহাতে, ইয়াৰ পূৰ্বে পুৱা ১০ বজাত আদৰণি সমিতিৰ সভাপতি এম হাছান আলীয়ে কবি সন্মিলনৰ পতাকা উত্তোলন কৰাৰ পিছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজ সেৱী হিৰণ্য বৰ্মন, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ বলেন কুমাৰ গোস্বামী আৰু চামতা ছোৱালী হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক প্ৰভাত দাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in