বকোৰ সোনতলীত এটা মৃতদেহ উদ্ধাৰ…

বকোৰ সোনতলীত এটা মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, ছমৰীয়াঃ কামৰূপ জিলাৰ বকোৰ সোণতলীত এজন লোকৰ মৃতদেহ উদ্ধাৰ।সোণতলীৰ গৰৈমাৰী বিলৰজান গাঁৱত এটা জলাশয়ত উদ্ধাৰ হয় মৃতদেহটো।মৃত লোকজন গৰৈমাৰী বিলৰজান গাৱৰ ওমৰ আলী(৫৫)বুলি জানিব পৰা গৈছে।প্ৰাপ্ত তথ্য মতে ওমৰ আলীয়ে ওচৰৰে নৈত শুক্ৰবাৰে সন্ধিয়া এখন ফাচী জাল পেলাই থৈ আহিছিল আৰু শনিবাৰে পুৱতি নিশা পৰিয়ালক নজনোৱাকৈ ওমৰ আলীয়ে জাল তুলিবলৈ নৈৰ পাৰলৈ গৈছিল।

উল্লেখ্য যে তাৰ পিছৰে পৰা দিনটো নিৰুদ্দেশ হৈ আছিল লোকজন।পৰিয়ালৰ লোকক তেওঁক চাৰিওফালে বিচাৰি আছিল যদিও কোনো সন্ধান উলিয়াব পৰা নাছিল।পৰৱৰ্তী সময়ত স্থানীয় কেইজনমান লোকৰ প্ৰচেষ্টাত জাল পেলাই থৈ অহা নৈৰ পাৰত বিচাৰি যাওঁতে পানীৰ তলৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে ওমৰ আলী মৃতদেহটো।উল্লেখ্য যে ওমৰ আলীৰ এই অকাল মৃত্যুত পৰিয়ালৰ লোক শোকত ম্ৰিয়মান হৈছে।প্ৰশ্ন হয় ওমৰ আলীৰ কৰুন মৃত্যু হত্যা নে অনাকাংশিত মৃত্যু সেয়া মৰোণত্তৰ পৰীক্ষাৰ ফলাফলৰ পিছতহে পোহৰলৈ আহিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in