ৰাসৰ নামত মুকলি জুৱাঃ  আৰক্ষী-প্ৰশাসনক সন্তুষ্ট কৰি জুৱাৰীয়ে নিৰ্বিঘ্নে চলাই আছে জুৱাৰ আড্ডা..

ৰাসৰ নামত মুকলি জুৱাঃ আৰক্ষী-প্ৰশাসনক সন্তুষ্ট কৰি জুৱাৰীয়ে নিৰ্বিঘ্নে চলাই আছে জুৱাৰ আড্ডা..

ডিজিটেল সংবাদ গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৰালীমাত ৰাসৰ গইনালৈ এটা জুৱাৰী চক্ৰই নিশাৰ ভাগত চলাই আছে অবৈধ জুৱাখেল। জানিব পৰামতে ছমৰীয়াৰ বৰালীমাৰা আঞ্চলিক সাৰ্বজনীন ৰাসলীলা মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত ১৮ নৱেম্বৰৰ পৰা বৰালীমাৰাত অনুষ্ঠিত কৰা ৰাসলীলাৰ নামত প্ৰতিদিনে সন্ধিয়াৰ পৰা অবৈধভাৱে জুৱাখেল চলাই আহিছে৷ জুৱাৰীয়ে বকো থানাৰ লগতে ছমৰীয়া আৰক্ষী-প্ৰশাসনক সন্তুষ্ট কৰি কাকো কেৰেপ নকৰাকৈ ৰাসৰ গইনালৈ নিশাই ধাৰাবাহিকভাৱে চলাই গৈছে লাখ লাখ টকাৰ মুকলি অবৈধ জুৱা৷

আৰক্ষী-প্ৰশাসনৰ ছত্ৰছায়াতে ছমৰীয়াৰ বৰালীমাৰাত অবৈধ বৃহৎ জুৱাখেল চলোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ সচেতন ৰাইজে৷ ইপিনে মঙলবাৰে সন্ধিয়াও বৰালীমাৰাত ৰাসলীলাৰ নামত মুকলি জুৱা চলাত ৰাইজ উদ্বিগ্ন হৈ পৰিছে৷ ফলত বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক-সামাজিক পৰিবেশো বিনষ্ট হৈ পৰিছে৷ জুৱাৰীৰ দলে মোটা অংকৰ ধনৰ বিনিময়ত বকো-ছমৰীয়া আৰক্ষী চকীক মেনেজ কৰি এই অবৈধ জুৱাখেল অনুষ্ঠিত কৰাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে।

যাৰ বাবে জুৱাখেল সন্দৰ্ভত বাৰম্বাৰ আৰক্ষীক ফোনযোগে অৱগত কৰিলেও জুৱাখেলৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী-প্ৰশাসনে৷ ছমৰীয়াৰ বৰালীমাৰাত ৰাসলীলাৰ নামত চলাই থকা অবৈধ জুৱাখেলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় একাংশ সচেতন ৰাইজে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ দাবী কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in