নতুন যান বাহন আইনৰ বিৰুদ্ধে এছপিৰ অভিনৱ প্ৰতিবাদ, ৰাজপথত মাগিলে ভীক্ষা

নতুন যান বাহন আইনৰ বিৰুদ্ধে এছপিৰ অভিনৱ প্ৰতিবাদ, ৰাজপথত মাগিলে ভীক্ষা

ডিজিটেল ডেস্কঃ দেশত ১ ছেপ্টেম্বৰৰ পৰা জাৰি হৈছে নতুন যান বাহন আইন। নতুন আইন অনুসৰি এতিয়া কেইবাগুণলৈ বৃদ্ধি পাইছে জৰিমণা ৰাশি। হেলমেট নিপিন্ধিলে ২০০০ টকা, ইঞ্চিঅ'ৰেন্স নাথাকিলে ৫০০০ হাজাৰ টকা, প্ৰদূষণ বিষয়ক নথি নাথাকিলে ১০,০০০ টকা পৰ্যন্ত জৰিমণা এতিয়া ভৰিব লগা হৈছে এই নতুন যান বাহন আইনৰ নিয়ম অনুসৰি।

যান বাহন আইন, ২০১৯ জাৰি হোৱাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত বহু বাহন চালকে লাভ কৰিছে লক্ষাধিক টকাৰ চালান। হাৰিয়ানাৰ এজন ট্ৰাক চালকে প্ৰয়োজনীয় নথি নথকাৰ বাবে দুই লক্ষাধিক টকাৰ চালান লাভ কৰিছিল। আনহাতে বহু ঠাইত এনে ঘটনাও সংঘটিত হৈছে যে কেইবাহাজাৰ টকীয়া চালান লাভ কৰি বহু লোকে ৰাজপথতে জ্বলাই দিছে নিজৰ মটৰ চাইকেল।

নতুন যান বাহন আইনৰ ফলত যান-বাহনৰ নথি পৰীক্ষণৰ নামত ৰাজপথত ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰখাই থোৱা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টিৰ হোৱাৰ অন্তত চৰকাৰে কেৱল নথি পৰীক্ষণৰ নামত যাতে কোনো বাহন ৰখোৱা নহয়, তাৰ বাবে নিৰ্দেশনা জাৰি কৰিব লগা হয়। আনহাতে কেইবাগুণলৈ জৰিমণা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদতো নামে বহু ৰাজনৈতিক দল-সংগঠন আৰু সাধাৰণ জনতা।

সোমবাৰে যান বাহন আইনৰ অধীনত জৰমণা বৃদ্ধিৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰে সমাজবাদী পাৰ্টীয়ে। সমাজবাদী পাৰ্টীয়ে উত্তৰ প্ৰদেশৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ভীক্ষা মাগি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। সমাজবাদী পাৰ্টীৰ নেতা অভিনৱ সিঙৰ নেতৃত্বত নেতা-কৰ্মীসকলে সাব্যস্ত কৰা এই ভীক্ষা প্ৰতিবাদৰ সময়ত নেতা-কৰ্মীসকলে ৰাজপথত ভীক্ষা মগা পৰিলক্ষিত হয়।

ইফালে সমাজবাদী পাৰ্টীৰ এই প্ৰতিবাদত এজন চৰকাৰী বিষয়াই ভীক্ষা দান সহযোগ আগবঢ়োৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰী পদত অধিষ্ঠিত হৈ চৰকাৰৰ নিয়ম অৱমাননা কৰা বুলি অভিযোগ উত্থাপন হৈছে বিষয়াজনৰ বিৰুদ্ধে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in