শেহতীয়া খবৰ
অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হ’ব কুল শইকীয়া...  •  অৰ্ধসামৰিক বাহিনীৰ বৰ্বৰ আক্ৰমণঃ চিকিৎসালয়লৈ যোৱা লোকেও নাপালে ৰেহাই...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে...  •  অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  কেব বিৰোধী প্ৰতিবাদক লৈ শংকিত কেন্দ্ৰঃ অসমলৈ প্ৰেৰণ অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীৰ জোৱান...  •  প্ৰতিবাদকাৰীৰ উগ্ৰমূৰ্তি দেখি আৰক্ষীৰ পলায়ন...  •  প্ৰতিবাদকাৰীক খেদিবলৈ আৰক্ষীৰ পুনৰ পানী নিক্ষেপ... VIDEO

ভাল গাখীৰ অবিহনে ভাল চাহ কেনেকৈ বনাব পাৰিব চকীদাৰেঃ অখিলেশ যাদৱ

119

ডিজিটেল ডেস্কঃ সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে বৃহস্পতিবাৰে নাম উল্লেখ নকৰাকৈয়ে প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ কৰে। চকীদাৰ যদি চাহ বেপাৰী হয়, তেন্তে তেৱোঁ গাখীৰ বেপাৰী বুলি নিজকে আখ্যা দি ভাল গাখীৰ অবিহনে ভাল চাহ বনাব নোৱাৰি বুলি মন্তব্য কৰে। চকীদাৰে দেশবাসীক বেয়া চাহ খুওৱা বুলি প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি তেওঁ কয়, ‘২০১৪ চনত জনতাই চাহ বেপাৰীক বিশ্বাসত লৈছিল। কিন্তু ভাল চাহ খাবলৈ নাপালে। কিয়নো বিনা গাখীৰ চাহ ভাল বনাব নোৱাৰি।’

নতুন দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাই এখন জনসভাত অংশ লোৱা অখিলেশ যাদৱে মোডীৰ নাম উল্লেখ নকৰাকৈয়ে অভিযোগ উত্থাপন কৰি কয়, ‘চকীদাৰে দেশৰ যুৱকসকলৰ সংস্থাপন চুৰি কৰিলে। চকীদাৰে আপোনাৰ ধন বেংকত জমা কৰালে ঠিকেই, কিন্তু তাৰ পৰা সেই ধন লৈ পুঁজিপতিক বিদেশলৈ পলায়ন কৰালে। বিজেপিয়ে আজি আমাৰ দেশৰ যুৱ প্ৰজন্মক এনে এক স্থিতিলৈ লৈ আনিছে যে তেওঁলোকে এতিয়া সপোন দেখিবলৈও ভয় কৰে।’ এখন সুস্থ আৰু উন্নয়নমুখী ভাৰত গঢ়াৰ বাবে ভোটদান কৰিবলৈ আহ্বান জনায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি