নগাঁৱৰ জলাহগাৱঁৰ ৰাসত গোপী ৰূপত নৃত্য ডাক্তৰৰ, কোৰোনাৰ বাবে সজাগতা…

নগাঁৱৰ জলাহগাৱঁৰ ৰাসত গোপী ৰূপত নৃত্য ডাক্তৰৰ, কোৰোনাৰ বাবে সজাগতা…

ডিজিটেল সংবাদ,চামগুৰি : এখন ব্যতিক্ৰমী ৰাস। নগাঁৱৰ পুৰণিগুদাম জলাহগাৱঁৰ নামঘৰত অনুষ্ঠিত হোৱা এইখন ব্যতিক্ৰমী ৰাসে দৰ্শকক বাৰুকৈয়ে আৰ্কষিত কৰিলে ।মহামাৰী কোৰোনা ভাইৰাচৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাৰ এশ শতাংশ কোভিড প্ৰটকল মানি ৰাস পাতি দেখুৱালে জলাহৰ ৰাইজে ।

ৰাসৰ গোপীৰ বেশত দেখা পোৱা গ'ল এগৰাকী ডাক্তৰক ।যি গৰাকী গোপী ৰূপী ডাক্তৰে দেখুৱাই গ'ল কোৰোনা মহামাৰী ভয়াৱহতা আৰু সজাগতাৰ কথা ।এক কথাত মহামাৰী কোৰোনা ভাইৰাচৰ ভয়াৱহতাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে জলাহৰ ৰাইজে এগৰাকী গোপীক ডাক্তৰৰ বেশত নৃত্য কৰাই এক নিৰ্দশন দাঙি ধৰিলে ।

আনহাতে এইখন ৰাসত মানি চলা হ'ল সম্পূৰ্ণ কোভিড নীতি-নিৰ্দেশনা। ৰাসস্থলীত প্ৰৱেশৰ পূৰ্বে প্ৰতিগৰাকী লোককেই কৰা হ'ল চেনিটাইজ,জোখা হ'ল তাপমাত্ৰা,লগতে প্ৰতিগৰাকী দৰ্শকৰ মুখে মুখে দেখা পোৱা গ'ল মাস্ক ।মুঠতে মহামাৰীৰ ভয়াৱহতাৰ মাজতেই সকলো সাৱধানতা অৱলম্বন কৰি জলাহৰ ৰাইজে পালন কৰিলে ৰাস উৎসৱ ।

উল্লেখ্য যে উক্ত ৰাস উৎসৱভাগ উদ্ধোধন কৰে সমাজকৰ্মী তথা অগপ নেতা মণি মাধৱ মহন্তই,লগতে উপস্থিত থাকে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস,আৰক্ষী বিষয়া কৃষ্ণ কান্ত দলে,বিৰদাও গয়াৰীৰ লগতে বহু সন্মানীয় ব্যক্তি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in