অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, সমাজকৰ্মী ভূৱন চন্দ্ৰ শইকীয়াৰ মৃত্যু, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি দল-সংগঠনৰ শোক প্ৰকাশ

অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, সমাজকৰ্মী ভূৱন চন্দ্ৰ শইকীয়াৰ মৃত্যু, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি দল-সংগঠনৰ শোক প্ৰকাশ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অধীনৰ পুৰণিগুদাম শইকীয়া চুকৰ বাসিন্দা জেষ্ঠ অগপ নেতা ভূবন চন্দ্ৰ শইকীয়া(৮২)ৰ নিজা গৃহত হোৱা এক আকস্মিক দুৰ্ঘটনাত মৃত্যুক আকোৱালি লব লগা হয়। অসম আন্দোলনত জড়িত হৈ দুবাৰকৈ চৰকাৰ গঠন কৰা অসম গণ পৰিষদ দলৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ বিষয়ববীয়া হিচাপে দীৰ্ঘদিন ধৰি দলটোৰ বিভিন্ন বিষয় বাব অলংকৃত কৰি দলটোক আগবঢ়াই নিয়া ভূৱন চন্দ্ৰ শইকীয়াৰ মৃত্যুত গভীৰ শোকৰ ছা পৰিছে পুৰণিগুদাম অঞ্চলত।

অকল যে ৰাজনৈতিক দলৰ লগত জড়িত আছিল এনে নহয় পুৰণিগুদামৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ পুৰণিগুদাম অঞ্চলটোক বিভিন্ন দিশত আগবঢ়াই নিয়াত অৰিহণা যোগোৱা ভূৱন চন্দ্ৰ শইকীয়াৰ মৃত্যুত বিস্তৰ ক্ষতি কৰিলে বুলি মন্তব্য কৰে অগপ দলৰ প্ৰতিষ্ঠাপক সভাপতি, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই। এইগৰাকী জ্যেষ্ঠ অগপ নেতাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মহন্তই।

এইগৰাকী নিষ্ঠাবান অগপ কৰ্মীৰ মৃত্যুয়ে অগপ দলক ক্ষতি কৰিলে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ প্ৰাক্তন অগপ বিধায়ক গিৰিন্দ্ৰ কুমাৰ বৰুৱাই। আঞ্চলিকতা বাদক গভীৰভাৱে বিশ্বাস কৰা এজন নিষ্ঠাবান কৰ্মীক হেৰুৱাই আমি মৰ্মাহত বুলি উল্লেখ কৰে বৰুৱাই। ইফালে অসম গণ পৰিষদ নগাঁও জিলা সমিতিৰ সভাপতি অতুল কুমাৰ মেধি আৰু সাধাৰণ সম্পাদক নিৰঞ্জন বৰা আৰু ইনামুল হকে এক বিজ্ঞপ্তি যোগে দলৰ নিষ্ঠাবান কৰ্মী শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

বিজ্ঞপ্তিত উল্লেখ কৰিছে যে ভূৱন চন্দ্ৰ শইকীয়া দলৰ জন্ম লগ্নৰ পৰা নিষ্ঠাবান কৰ্মী হিচাপে লাগি থাকি দলক আগবঢ়াই নিছিল। জাতীয়তাবাদী শিবিৰক গভীৰভাৱে বিশ্বাস কৰা এইজন একনিষ্ঠ সেৱকক অকস্মাত হেৰুৱাই মৰ্মাহত হৈছে নগাঁও জিলা অগপৰ কৰ্মকৰ্তা সকল। উল্লেখ যে, নিজৰ ব্যক্তিগত লাভালাভৰ কথা নাভাবি একমাত্ৰ দলৰ স্বাৰ্থত কাম কৰা ভূৱন চন্দ্ৰ শইকীয়াই দলৰ সংকটৰ সময়টো বিচলিত নহৈ দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছিল। দেওবাৰে নিশা ঘৰৰ কাষত থকা পানীখোৱা কুৱাৰ পৰা পানী উঠাবলৈ গৈ কুৱাৰ ৰিং ভাঙি কুৱাঁত পৰি যোৱাৰ পিছত নিশাই সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও নিশাই তেওঁৰ মৃত্যু হয়।

সোমবাৰে দুপৰীয়া তেওঁৰ মৃতদেহ শইকীয়া চুকৰ নিজা বাসগৃহ আহি পোৱাৰ পিছত অসংখ্য গুণমুগ্ধ আহি ভিৰ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তিনিজন পুত্ৰ, বোৱাৰী, নাতি, নাতিনী পৰিয়াল ইহ সংসাৰত এৰি থৈ যোৱা শইকীয়াৰ মৃত্যুত পুৰণিগুদাম শতদল শাখা সাহিত্য সভা, অসম গণ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতি, বাপুজী ভৱন পুথিভড়াল পুৰণিগুদাম, কলং কলা কেন্দ্ৰ পুৰণিগুদামৰ লগতে পুৰণিগুদামৰ বিভিন্ন অনুষ্ঠানে শোক প্ৰকাশ কৰি মৃতদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in