মহাজোঁট বন্ধনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই যোগদান কৰাৰ সম্ভাৱনা : ৰকিবুল হুছেইন

মহাজোঁট বন্ধনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই যোগদান কৰাৰ সম্ভাৱনা : ৰকিবুল হুছেইন

ডিজিটেলসংবাদ,চামগুৰি : প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধনত যোগদান কৰাৰ সম্ভাৱনা আছে।দেওবাৰে নগাঁও জিলাৰ চামগুৰিৰ পৰা আমবাগানলৈকে এক বিশাল মটৰ চাইকেল ৰেলিত অংশগ্ৰহণ কৰা পিচত সংবাদ মাধ্যমৰ আগত সাংবাদিক প্ৰশ্নৰ উত্তৰত এই কথা স্বীকাৰ কৰে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে।

তেওঁ কয়-সকলো কথা এতিয়াই নকও ।কেৱল মহন্ত ডাঙৰীয়াই নহয় আৰু বহুজনে মহাজোঁট বন্ধনত অংশগ্ৰহণ কৰিব।অপেক্ষা কৰক।বিজেপি চৰকাৰৰ ৫০ জন বিধায়কৰ ৰিপৰ্ট কাৰ্ড বেয়া বুলি তেওঁলোকৰ দলে নিজেই কৈছে।এই সকল বিধায়কলৈ আমাৰ মন্ত্ৰীজনে উপযুক্ত পুঁঁজি আৱন্টন নিদিয়াৰ ফলত তেওঁলোকে কাম কৰিব পৰা নাছিল।তেওঁলোকৰো বহুজন মহাজোঁট বন্ধনলৈ আহিব।হুছেইনে লগতে সাংবাদিকক প্ৰশ্ন কৰি কয় যে-আপোনোলোকে কংগ্ৰেছৰ বিসম্বাদৰ কথা সোধে।

বিজেপিৰ অৰিয়াঅৰি তথা ২য় মুখ্যমন্ত্ৰীজনে সৃষ্টি কৰা বিসম্বাদৰ কথা কোনেও নকয়।মুখ্যমন্ত্ৰীয়ে নিজৰ আসনত বহোতে সাৱধানে বহে।কাৰণ কোনোবাই চকীখনৰ ঠাৰি কাটি থব পাৰে বুলি ভয় কৰে।এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাস বি ভি য়ে কয়-বিজেপি চৰকাৰে ২৫ লাখ নিবনুৱাক চাকৰি দিম বুলি কৈ ২৫ জনকো দিব পৰা নাই।ৰাইজক মূৰ্খ বনাব বিচাৰিছে এইখন চৰকাৰে।সাংসদ গৌৰৱ গগৈয়ে কয়-অসমৰ ৰাইজৰ বাবে চিন্তা কৰা একমাত্ৰ চৰকাৰ গঠন কৰিব পাৰিব কংগ্ৰেছ দলে ।কংগ্ৰেছৰ প্ৰতি অসমৰ ৰাইজে শেহতীয়াকৈ আগবঢ়োৱা মৰমৰ বাবে বিজেপিয়ে ভয় কৰিছে ।

এইবাৰ কংগ্ৰেছ দলে ২০ বছৰলৈ অসমত চৰকাৰ কৰিব ।বিজেপি চৰকাৰৰ এটা মানসিক সমস্যা আছে ।তেওঁলোকে ভাবিছে ২০১৪ তহে ভাৰতৰ জন্ম হৈছে । বিজেপি দলটোৰ এমিজিয়া হৈছে ।সাংসদ গগৈয়ে অমৃত শ্বাহে অসমৰ ইতিহাস নাজানে বুলি মন্তব্য কৰি শ্বাহক অসমলৈ আহোতে ইতিহাস পঢ়ি আহিবলৈ আহ্বান জনায়।গগৈয়ে লগতে কয়-বিজেপিয়ে বৃটিছৰ দৰে কাম কৰিছে।তেওঁলোকৰ কামকাজক সমালোচনা কৰিলে জেললৈ নিক্ষেপ কৰে।জোৰ সমদলো উলিয়াব নিদিয়ে।অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়-২০২১চনৰ নিৰ্বাচনত চামগুৰিত ৰকিবুল হুছেইনৰ জয় নিশ্চিত।অসমত কংগ্ৰেছ দলৰেই চৰকাৰ হব।প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অসম ভ্ৰমণক সমালোচনা কৰি তেওঁ কয়-বানপানী,কৰণা ভাইৰাছৰ আতংকৰ সময়ত অসমলৈ মনত নপৰা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী নিৰ্বাচনৰ বাবেহে অসমলৈ আহিছে ।

তেওঁ কয়-জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰীৰ সভাত ৩ লাখ মানুহ হব বুলি প্ৰচাৰ কৰিছিল ।কিন্তু মানুহ হ'ল ৩৫ হাজাৰ ।প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছে সোধা ২৪ টা প্ৰশ্নৰ উত্তৰ নিদিলে । বিজেপি চৰকাৰে লাইকা দধিয়াবাসীক মাটিৰ পট্টা দিব নোৱাৰিলে।অসমক অষ্টলক্ষী দেশৰ পৰিবৰ্তে কঙাল দেশত পৰিণত কৰিলে।অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাইও কৌশল পূৰ্ণ ভাবে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তকে ধৰি বহু কেইজন বিধায়কে মহাজোঁট বন্ধনলৈ সমৰ্থন আগবঢ়াব পাৰে বুলি কয়।উল্লেখযোগ্য যে আজি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিৰ আমবাগানত কংগ্ৰেছৰ যুৱ একতা সমাৰোহ অনুষ্ঠিত হয়।তদুপলক্ষে চামগুৰিৰ পৰা আমবাগানলৈকে বিশাল বাইক ৰেলী হয়।এই অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক অনিৰুদ্ধ সিং, কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ, সাংসদ গৌৰৱ গগৈ, বিধায়ক নুৰুল হুদা,কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত আদিয়েও অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in