শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

বানৰ পাছত ৰাজ্যত এইবাৰ খহনীয়াৰ আতংক…

149

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিত বানপানীৰ পাছতে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে। প্ৰবল গৰাখহনীয়াৰ ফলত সমষ্টিটোৰ চতলাৰ পাৰৰ পৰা বৰকলীয়া সূৰ্যমনিলৈ প্ৰায় তিনি শতাধিক পৰিয়ালৰ ঘৰ দূৱাৰ নদীয়ে জাহ নিয়াৰ পাছত চটলাৰ বিলপাৰা উপস্বাস্থ্য কেন্দ্ৰটোও খহনীয়াৰ কবলত পৰিছে। ইয়াৰ পাছতেই স্থানীয় ৰাইজে কেন্দ্ৰটোৰ চিকিৎসা সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে।

নিৰাপদ স্থানলৈ নিছে চিকিৎসা প্ৰতিষ্ঠান

উল্লেখযোগ্য যে জিলাখনৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা দক্ষিণ শালমাৰা সমষ্টিৰ বিশেষকৈ চতলাৰপাৰ-পামপাৰা, বাউসকাটা, সূৰ্যমনি, মাটিফাটা আদি এলেকাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়া চলি আছে। নদীত পানী বৃদ্ধি পোৱাৰ সময়ৰে পৰা গৰাখহনীয়া আৰম্ভ হৈ ইতিমধ্যে অঞ্চলকেইটাৰ সহস্ৰাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নদীয়ে উটুৱাই নিয়ে। শেহতীয়াকৈ অঞ্চলটোত বানপানী কমি যোৱাৰ পাছত নদীত পানী হ্ৰাস পোৱাৰ বিপৰীতে পুনৰবাৰ ভয়াবহ ভাবে নদীৰ পাৰ চপৰা-চপৰে খহিবলৈ আৰম্ভ কৰিছে। এফালৰ পৰা কৃষি ভূমি, নৈপৰীয়া লোকৰ ঘৰ-দুৱাৰ, পথাৰ, বিদ্যালয়, মছজিদ, স্বাস্থ্য কেন্দ্ৰ, পঞ্চায়তৰ কাৰ্যালয়কে ধৰি বহু চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান নদীৰ বুকুত বিলীন হৈ যাবলৈ ধৰিছে।

এনেকৈয়ে খহিছে কৃষিভূমি

যোৱা প্ৰায় এটা সপ্তাহত সমষ্টিটোৰ পামপাৰাৰ পৰা আৰম্ভ কৰি বৰকলীয়া সূৰ্যমনিলৈ প্ৰায় তিনি শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ গৈছে। ইফালে ২০১৫ চনত নিৰ্মাণ কৰা চতলাৰপাৰৰ চটলাৰ বিলপাৰা উপস্বাস্থ্য কেন্দ্ৰটোও শেহতীয়াকৈ খহনীয়াৰ কবলত পৰিছে। নিশাৰ ভিতৰত স্বাস্থ্য কেন্দ্ৰটো নদীৰ বুকুত বিলীন হৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰাত স্থানীয় লোকে স্বাস্থ্য কৰ্মীৰ সহযোগত স্বাস্থ্য কেন্দ্ৰটোৰ পৰা ঔষধকে ধৰি সকলো প্ৰকাৰৰ চিকিৎসা সামগ্ৰী নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে।

মন কৰিবলগীয়া বিষয় এয়ে যে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে স্থানীয় দল-সংগঠন তথা ৰাইজে চৰকাৰলৈ অনুৰোধ জনাই অহাৰ পাছতো অঞ্চলটোৰ গৰাখহনীয়াৰ প্ৰতি সামন্যতমো গুৰুত্ব দিয়া হোৱা নাই। যাৰফলত প্ৰতি বছৰে হেজাৰ হেজাৰ লোক গৰাখহনীয়াৰ কবলত পৰি সৰ্বহাৰা হৈ পৰিছে।

আক্ৰান্ত লোকসকলে অভিযোগ কৰা মতে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি মাটি-ভেটি হেৰুৱাই দিশহাৰা হৈ পৰা হেজাৰ হেজাৰ লোক আশ্ৰয় লবলৈ আৰম্ভ কৰিছে চুবুৰীয়া ৰাজ্য মেঘলায়ৰ পশ্চিম গাৰো পাহাৰত। কিন্তু এই সকল লোকক সময়ে সময়ে সন্দেহযুক্ত নাগৰিক বুলি এটা চক্ৰই অপবাদ দি ৰাজনৈতিক ষড়যন্ত্ৰ চলাই থকাত সকলো প্ৰকাৰৰ সুবিধাৰ পৰা বঞ্চিত হৈছে এই লোকসকল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি