চলমানৰ বাবেই লাখপতি হ’ল কেইবাজনো কৃষক…

চলমানৰ বাবেই লাখপতি হ’ল কেইবাজনো কৃষক…

ডিজিটেল ডেস্কঃ বলিউদৰ জনপ্ৰিয় অভিনেতা চলমান খান এজন দয়াৱান ব্যক্তি বুলি সকলোৱে জানে। নিজৰ বন্ধু অথবা অভিনেতাজনৰ ওচৰলৈ সহায় বিছাৰি যোৱা কোনো লোকক নিৰাশ নকৰে চলমানে। শেহতীয়াকৈ চলমান ব্যস্ত আছে আহিবলগীয়া ছবি 'ভাৰত'ৰ শ্বুটিঙত। বৰ্তমানৰলৈকে ছবিখনৰ দুটাকৈ ট্ৰেইলাৰো মুক্তি পাইছে।

ছবি 'ভাৰত'ৰ পোষ্টাৰ..
ছবি 'ভাৰত'ৰ পোষ্টাৰ..

চলমানৰ এই ছবিখনৰ বাবে পঞ্জাৱৰ লুথিয়ানাৰ কেইবাজনো কৃষক হ'ল লাখপতি। দৰাচলতে ছবি 'ভাৰত'ত ভাৰত আৰু পাকিস্তান বিভাজনৰ সময়ক লৈ নিৰ্মাণ কৰা হৈছে। ছবিখনৰ কিছু দৃশ্যৰ শ্বুটিং পৰিচালকে বাঘা সীমান্তত কৰিব বিছাৰিছিল যদিও সীমান্ত সুৰক্ষা বাহিনীৰ পৰা অনুমতি লাভ কৰা নাছিল।

ইয়াৰ পাছতে ছবিখনৰ চেট নিৰ্মাণ কৰিবলৈ পঞ্জাৱৰ লুথিয়ানাৰ প্ৰায় ১৯ একৰ মাটি ভাড়াত লৈছে ছবিখনৰ টীমটোৱে। ভাড়াত লোৱা ১ একৰ মাটিৰ বিনিময়ত কৃষক সকলক দিয়া হৈছে ৮০ হাজাৰকৈ টকা। উল্লেখ্য যে, এই ছবিখনত চলমানৰ বিপৰীতে অভিনয় কৰিব কেটৰীণা কেফ,দিশা পটানী আৰু জেকী শ্ৰুফ। ছবিখন মুক্তি দিয়া হ'ব ঈদৰ সময়ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in