শেহতীয়া খবৰ
মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান  •  প্ৰাক্তন ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ দেহাৱসান

বিশ্বকাপৰ মাজতো ‘ভাৰত’ৰ চমক…

355

ডিজিটেল ডেস্কঃ ঈদৰ বতৰত ছবিঘৰত ছলমানৰ ছবি মানেই এখন হিট ছবি। এইবাৰো নহ’ল ব্যক্তিক্ৰম, চলমানৰ ছবি ভাৰত ছবিঘৰত চুপাৰ-ডুপাৰ হিট। চাৰিওফালে বিশ্বকাপৰ জ্বৰ উঠি থকা স্বত্তেও ছবিঘৰত দৰ্শকৰ দীঘলীয়া শাৰীয়ে প্ৰমাণ কৰিলে যে ছলমানে ছবি লৈ কৰা সমীক্ষা কেতিয়াও ভুল হব নোৱাৰে।

বুধবাৰে মুক্তি পোৱা ছলমানৰ ছবি ভাৰতে উপাৰ্জনৰ ক্ষেত্ৰত গঢ়িলে অভিলেখ। বক্স অফিচত ছবিখনে কেৱল ভাৰতেই উপাৰ্জন কৰিলে ৪৩ ৰ পৰা ৪৫ কোটি টকা। মুক্তিৰ দিনাই সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকাত ভাৰতে দখল কৰিলে দ্বিতীয় স্থান। প্ৰথম স্থানত আছে আমিৰ খান অভিনীত ছবি ‘থোগছ অৱ হিন্দুস্তান’।

ছবি সমালোচক সকলৰ মতে এই ছবিখনে উত্তৰ প্ৰদেশ, গুজৰাটৰ দৰে ৰাজ্যত দৰ্শকৰ অধিক সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে।দেশৰ উপৰিও ছলমানৰ এই ছবিখন ৭০ খন দেশৰ ১৩০০ খন পৰ্দাত মুক্তি দিয়া হৈছিল। আলী আব্বাছ জফৰে পৰিচালনা কৰা এই ছবিখনত ছলমানৰ বিপৰীতে অভিনয় কৰিছে কেটৰীণা আৰু দিশা পাটানীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি