চলমানৰ কোটিপতি বডীগাৰ্ড ‘শ্বেৰা’, মাহিলী দৰমহা শুনিলে আচৰিত হ’ব আপুনি…

চলমানৰ কোটিপতি বডীগাৰ্ড ‘শ্বেৰা’, মাহিলী দৰমহা শুনিলে আচৰিত হ’ব আপুনি…

ডিজিটেল ডেস্কঃ বলিউদত আগশাৰীৰ অভিনেতা সকলৰ ভিতৰত চলমান খানৰ নাম ল'বই লাগিব। শক্তিশালী অভিনয় আৰু চলমানৰ ব্যক্তিত্বই আকৰ্ষিত কৰে কোটি কোটি অনুৰাগীক। বৰ্তমান চলমানৰ মানেই এখন হিট ছবি। চুপাৰষ্টাৰ চলমান খানৰ বৰ্তমান মুঠ সম্পত্তিৰ পৰিমাণ ৩১০ মিলিয়ন অৰ্থাৎ প্ৰায় ১৯০০ কোটি। এই বিশাল সম্পত্তিৰ গৰাকী চলমানৰ সৈতে যোৱা ২০ বছৰ ধৰি ছাঁৰ নিচিনাকৈ আছে এজন লোক। চলমানক সুৰক্ষিত কৰি ৰখাৰ লগতে চলমানৰ প্ৰায়বিলাক কামত সহায় কৰে এইজন লোকে। চলমানক সুকলমে ৰখাটো যেন তেওৰ জীৱনৰ প্ৰথম আৰু প্ৰধান দায়িত্ব। যোৱা ২০ বছৰ ধৰি নিষ্ঠা, সততাৰে নিজ কৰ্ম সম্পাদন কৰা এই লোক জনেই হৈছে 'শ্বেৰা', চলমানৰ দেহৰক্ষী গুৰমিত সিঙ জলী।

শ্বেৰা এতিয়া কেৱল চলমানৰ দেহৰক্ষী নহয়, এজন চেলীব্ৰেটীও। যলৈকে যায় তাতেই শ্বেৰাক ওচৰৰ পৰা লগ পাবলৈ বহুলোকৰ লাগে হেতা-ওপৰা। শ্বেৰাৰ জন্ম হৈছিল এটা শিখ পৰিয়ালত। সৰুৰে পৰাই বডি বিল্ডিঙৰ প্ৰতি আগ্ৰহী শ্বেৰাই ১৮ বছৰ বয়সৰ পাছতে মিষ্টাৰ মুম্বাই, মহাৰাষ্ট্ৰৰ দৰে প্ৰতিযোগীতাত অংশ লৈছিল। তেও কেইবাবাৰো মিষ্টাৰ মহাৰাষ্ট্ৰ খিতাপো অৰ্জন কৰিছে।

১৯৯৫ চনত এটা পাৰ্টিত চলমানৰ সৈতে প্ৰথম দেখা হৈছিল শ্বেৰাৰ,কিন্তু সেই সময়ত দুয়োৰে মাজত কোনো ধৰণৰ কথা হোৱা নাছিল। ইয়াৰ পাছতে চণ্ডীগড়ৰ এক অনুষ্ঠানত অনুৰাগীৰ মাজত খুব বেয়াকৈ সোমাই পৰিছিল চলমান খান। সেই অনুষ্ঠানতে আছিল শ্বেৰা। অনুৰাগীৰ মাজৰ পৰা চলমানক খুব কৌশলেৰে সুকলমে উলিয়াই আনিছিল শ্বেৰাই। চলমানৰ ভাতৃয়ে চোহেল খানে সেই সময়ত শ্বেৰাক প্ৰশ্ন কৰিছিল যে, তেও চলমানক সুৰক্ষা দিব বিচাৰে নেকি? এই প্ৰস্তাৱক সন্মতি জনাই যোৱা ২০ বছৰ ধৰি চলমানৰ ছাঁ দৰে আছে শ্বেৰা।

শ্বেৰা চলমানৰ কেৱল দেহৰক্ষী নহয়। চলমানৰ জীৱনৰ বহু ঘাত-প্ৰতিঘাটত চলমানক সকলো ধৰণৰ সহায় কৰি আহিছে শ্বেৰাই। চলমানৰ জীৱনৰ আনে নজনা দহটা কথাৰ সাক্ষী শ্বেৰা। এই কথা চলমানেও স্বীকাৰ কৰিছে। চলমানে বহু অনষ্ঠানত শ্বেৰাক নিজৰ ভাতৃ আৰু বন্ধু বুলিও পৰিচয় কৰাই দিয়ে।

শ্বেৰায়ো চলমানক অত্যন্ত ভাল পায়, কিছুদিনৰ পূৰ্বে চলমান জেইলত বন্দী হৈ থকাৰ সময়ত দিন-ৰাতিয়ে জেইলৰ বাহিৰত কটাইছিল শ্বেৰাই। শ্বেৰাৰ এই কৰ্মনিষ্ঠাৰ প্ৰতি চলমানেও দিছে উচিত মূল্য। শ্বেৰাক সকলো বিপদতে সহায় কৰাৰ উপৰিও শ্বেৰাৰ পুত্ৰক বলিউদত খোপনি পোতাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে চলমানে।

চলমানৰ চুপাৰ হিট ছবি বডিগাৰ্ড শ্বেৰাৰ জীৱনক লৈয়ে নিৰ্মাণ কৰা ছবি। মুম্বাই শ্বেৰাৰ আছে জিমৰ লগতে এটা ছিকউৰিটী এজেন্সী। বৰ্তমান শ্বেৰাৰ সম্পত্তিৰ তালিকা ১০ কোটিৰো অধিক। জানি আচৰিত হ'ব যে শ্বেৰাৰ মাহিলী দৰমহা হৈছে ১৫ লাখ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in