নিলামত উঠিল ষ্টিফেন হকিঙৰ গৱেষণা পত্ৰ-হুইলচেয়াৰ, কিমান টকাত বিক্ৰী হ’ল জানেনে?

নিলামত উঠিল ষ্টিফেন হকিঙৰ গৱেষণা পত্ৰ-হুইলচেয়াৰ, কিমান টকাত বিক্ৰী হ’ল জানেনে?

ডিজিটেল ডেস্কঃ সৃষ্টিৰ ইতিহাস লিখিছিল তেওঁ৷ অথচ ইমান সৰল আৰু সাৱলীল যে সেইবোৰ পঢ়িলে এনে লাগে যেন গল্পহে পঢ়া হৈছে৷ বিজ্ঞানৰ জটিলৰ পৰা জটিলতম বিষয়টোও সুন্দৰ সৰল ভাৱে উপস্থাপন কৰা সেই মহান মনিষীগৰাকীয়েই আছিল ষ্টিফেন হকিং৷ বিজ্ঞান আৰু সৃষ্টিৰ ন ন তথ্য উদ্ভাৱন কৰি সেইবোৰৰ সৈতে বিশ্ববাসীক পৰিচয় কৰাই দিয়া এই মহান বিজ্ঞানীগৰাকীয়ে চলিত বৰ্ষৰ ৮ মাৰ্ছত সমগ্ৰ বিশ্বক কন্দুৱাই বিদায় লৈছিল৷ মৃত্যুৰ পূৰ্বে তেওঁ এৰি থৈ গৈছিল বিশ্বমুখী বহুতো গৱেষণাৰ পাণ্ডুলিপি৷ যাৰ মাজৰ পৰা কিছু সম্প্ৰতি নিলাম কৰা হৈছে৷ বৃহস্পতিবাৰে উচিত মূল্যত সেইসমূহ সম্পদ বিক্ৰী হৈছে৷

ব্ৰিটেইনৰ নিলাম সংস্থা 'ক্ৰটিজ'ৰ তৰফৰ পৰা সম্প্ৰতি এটা অনলাই নিলামৰ আয়োজন কৰা হয়৷ নিলাম সামগ্ৰীসমূহৰ ভিতৰত হকিঙে ব্যৱহাৰ কৰা এখন মটৰচালিত হুইলচেয়াৰ, একাধিক নিবন্ধৰ পাণ্ডুলিপি আৰু জীৱিত কালত হকিঙে লাভ কৰা বহুসংখ্যক মেডেল নিলাম কৰা হয়৷ তদুপৰি হকিঙৰ আঙুলিৰ চাপযুক্ত 'এ ব্ৰিফ হিষ্টৰী অৱ টাইম' নামৰ গ্ৰন্থখনৰ এটি কপি আৰু ১৯৬৫ চনত তেওঁ লিখি উলিওৱা এখন গৱেষণা পত্ৰও নিলামৰ জৰিয়তে বিক্ৰী কৰা হয়৷

ইয়াৰে ভিতৰত হকিঙৰ 'প্ৰপাৰ্টি অৱ এক্সপেণ্ডিং ইউনিভাৰ্ছেছ' নামৰ গৱেষণা পত্ৰখন ৫ কোটি ৫৪ লাখ টকাত বিক্ৰী হয়৷ আনহাতে ২ কোটি ৮৪ লাখ টকাত বিক্ৰী হয় মহান বিজ্ঞানীগৰাকীয়ে ব্যৱহাৰ কৰা হুইল চেয়াৰখন৷ টিভিৰ পৰ্দাত প্ৰচলিত 'দ্য চিম্পচনচ' নামৰ ধাৰাবাহিকখনৰ বাবে হকিঙে লিখা চিত্ৰনাট্যখন প্ৰায় ৬ লাখ টকাত নিলামৰ জৰিয়তে বিক্ৰী হয়৷ উল্লেখ্য যে, হকিঙৰ স্বাক্ষৰ সম্বলিত গ্ৰন্থখনৰ কপিটোৰ দাম নিলাম সংস্থাই ৩ লাখ টকা ধাৰ্য্য কৰিছিল যদিও অৱশেষত সেয়া ৬৫ লাখ টকাত বিক্ৰী হয়৷ আনহাতে ষ্টিফেন হকিঙৰ মেডেলসমূহত প্ৰায় ১ কোটি ৩০ লাখ টকা লাভ কৰে নিলাম সংস্থাই৷

ইফালে, মহান বিজ্ঞানীগৰাকীৰ বিভিন্ন সম্পদৰ নিলামৰ পিছত লাভ কৰা মুঠ ধনৰ এক বৃহৎ পৰিমাণ হকিঙৰ পৰিয়ালবৰ্গত অৰ্পণ কৰা হ'ব বুলি ঘোষণা কৰে নিলাম সংস্থাটোৱে৷ তদুপৰি হুইলচেয়াৰ বিক্ৰী কৰি লাভ কৰা ধনখিনি প্ৰয়াত বিজ্ঞানীগৰাকীৰ 'ষ্টিফেন হকিং ফাইণ্ডেছন' সংস্থা আৰু 'মোটৰ নিউৰন জিডিছ এশ্যছিয়েছন'ক অৰ্পণ কৰা হ'ব৷ উল্লেখ্য যে, এই মোটৰ নিউৰন ৰোগত আক্ৰান্ত হৈয়েই আজীৱন হুইলচেয়াৰত কটাবলগীয়া হৈছিল মহান বিজ্ঞানীগৰাকীয়ে৷

ইয়াৰোপৰিও নিলাম সংস্থাটোৱে ছাৰ আইজাক নিউটন, ডাৰউইন, আইনষ্টাইনৰ কিছু সামগ্ৰীও নিলাম কৰে৷ যাৰ ভিতৰত নিউটনৰ স্বাক্ষৰ সম্বলিত বেংক ঋণ সংক্ৰান্তিয় নথি-পত্ৰ, ডাৰউইনৰ কিছু চিঠি তথা এলবাৰ্ট আইনষ্টাইনৰ নিউটন সম্পৰ্কে লিখা এটা অভিমত নিলাম কৰা হয়৷ এই সমস্ত সম্পদ বিক্ৰী কৰি ভাৰতীয় মূল্যত প্ৰায় ১৭ কোটি টকা লাভ কৰে সংস্থাটোৱে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in