ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’, নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শিক্ষকৰ ক্ষমা ভিক্ষা

ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’, নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শিক্ষকৰ ক্ষমা ভিক্ষা

ডিজিটেল সংবাদ, শালবাৰীঃ ৰাইজৰ ওচৰত হাতযোৰ কৰি ক্ষমা খুজিছে এগৰাকী শিক্ষক তথা বিপিএফ কৰ্মীয়ে৷ বুধবাৰে নিশা কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সাৰ শালবাৰীৰ এখন ভিতৰুৱা গাঁৱত বিপিএফ দলে আয়োজন কৰা এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল শিক্ষকজনে৷

নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ দৃশ্য কেমেৰাত বন্দী কৰিছিল গাঁওখনৰ এজন যুৱকে। শালবাৰী ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক হদিয়া বসুমতাৰী নামৰ শিক্ষকজনে সভাত উপস্থিত থকা দৃশ্য কেমেৰাত বন্দী কৰাত খঙত অগ্নিশৰ্মা হৈ শিক্ষকজনে আক্ৰমণ কৰে এজনৰ পিছত আন এজনক। ঘটনাস্থলীত আৰক্ষী আহি পোৱাৰ পিছত অৱশ্যে শিক্ষকজনে স্থানীয় ৰাইজৰ ওচৰত হাতজোৰ কৰি ক্ষমা ভিক্ষা মাগে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in