শালবাৰী মহকুমাত আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ লগতে তালাচী অভিযান…

শালবাৰী মহকুমাত আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ লগতে তালাচী অভিযান…

ডিজিটেল সংবাদ,শালবাৰীঃ বৃহস্পতিবাৰে দেশৰ ৭৩ তম স্বাধীনতা দিৱস৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগতো শালবাৰী কলেজ খেল পথাৰত অনুষ্ঠিত হ'ব স্বাধীনতা দিৱস৷ শালবাৰীত স্বাধীনতা দিৱসৰ পতাকা উত্তালন কৰিব মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীয়ে৷

তাৰ সমান্তৰালভাৱে মহকুমাটোৰ ভিন্ন প্ৰান্তত যাতে কোনোধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে মহকুমাটোৰ ভিন্ন প্ৰান্তত আজি নাকা চেকিং লগায়৷

আনন্দ বজাৰ আৰক্ষীয়ে এছএছবি,চিআৰপিএফ,সেনাৰ সহযোগত আৰক্ষী চকীৰ সমুখত পথটোৰে চলাচল কৰা দুচকীয়া,চাৰিচকীয়া বাহন সমুহত তালাচী অভিযান চলায়৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in