শালবাৰীত বেঁকী নৈৰ তাণ্ডৱ, উটুৱাই নিলে বহু লোকৰ ঘৰ-দুৱাৰ

শালবাৰীত বেঁকী নৈৰ তাণ্ডৱ, উটুৱাই নিলে বহু লোকৰ ঘৰ-দুৱাৰ

ডিজিটেল সংবাদ, শালবাৰীঃ কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত বেঁকী নৈৰ ওদালগুৰিৰ বালিপুৰ চৰতো প্ৰায় ৪ শতাধিক লোক আৱদ্ধ হৈ পৰে৷

সেই খবৰ প্ৰথমে স্থানীয় সংবাদকৰ্মীয়ে লাভ কৰাৰ পিছত লগে লগে আৰক্ষীৰ লোকক জনোৱা হয়৷ ততাতৈয়াকৈ ঘটনাস্থলীত স্থানীয় লাবদাংগুৰী আৰক্ষী,গোৱৰ্দ্ধনা আৰক্ষীৰ লগতে আমুছু, এবিএমছু, বিপিএফ কৰ্মী, স্থানীয় ৰাইজ আৰু সংবাদ কৰ্মীৰ সহযোগত আবদ্ধ হৈ পৰা লোকসকলক নাও, ভূৰ আদিৰে উদ্ধাৰ কৰি ওদালগুৰি চ'কলৈ লৈ অহা হয়৷

বেঁকীৰ চৰত আবদ্ধ লোকসকলক উদ্ধাৰ কৰা হয় যদিও বহু লোকৰ ঘৰ-দুৱাৰ,সা-সম্পত্তি বেঁকী নৈৰ কোৱাল সোঁতত উটি যায়৷ উল্লেখযোগ্য যে বেঁকী নৈৰ সোঁত বৰ্তমান বিপদসংকুল অৱস্থাৰে বৈ আছে৷ ইফালে বেঁকী নৈৰ জলপৃষ্ঠ ওফন্দি উঠি বাক্সাৰ শালবাৰীৰ খাগ্ৰাবাৰী অঞ্চল সম্পূৰ্ণভাৱে বুৰাই পেলায়৷

বেঁকীৰ নৈপৰীয়া ৰাইজ ইতিমধ্যে নিজৰ আপোন ঘৰ-দুৱাৰ এৰি বানৰ কবলৰপৰা ৰক্ষা পোৱাৰ বাবে ওখ ঠাইলৈ ঢাপলি মেলিছে৷খাগ্ৰাবাৰী অঞ্চলৰ স্কুল,মন্দিৰ,সত্ৰ,দোকান-পোহাৰ আদি বানৰ কবলত পৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in