শেহতীয়া খবৰ
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুঃ কোনে উলিয়াইছে এই ভুৱা খবৰ...  •  চিৰাঙত চোৰাং কাঠ সৰবৰাহত জড়িত তিনিজনকৈ বন বিভাগৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন…  •  ৰাজ্যত পুনৰ ৪৫৯৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ জনলৈ বৃদ্ধি...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  কোভিড-১৯ঃ পুনৰ ৬জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি...  •  গোৱালপাৰাত একেদিনাই ১১০জন কোভিড পজিটিভ, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৯৮ জনলৈ বৃদ্ধি  •  ধেমাজিত পুনৰ ১৬২ গৰাকীৰ কোভিড পজিটিভ চিনাক্ত...  •  যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৪৩,১০৯জনৰ কোভিড টেষ্ট...  •  নাৰায়ণপুৰত মনিকাঞ্চন কলা নিকেতনৰ সত্ৰীয়া সংগীত সমাৰোহ...

শালবাৰীত ছাত্ৰ সন্থাই ৬ খনকৈ ডাম্পাৰ-ট্ৰাক আৱদ্ধ কৰি চমজাই দিলে মহকুমা প্ৰশাসনক

44

ডিজিটেল সংবাদ, শালবাৰীঃ ভৱানীপুৰ-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ বাক্সা জিলাৰ শালবাৰীৰ গাতিত আজি ৬ খনকৈ ডাম্পাৰ আৰু ট্ৰাক আৱদ্ধ কৰে ছাত্ৰ সন্থাৰ কৰ্মীয়ে৷ গাতি আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে পথটোৰে চলাচল কৰা ছয়খন ডাম্পাৰ আৰু এখন ট্ৰাকসহ সাতখনকৈ বাহন ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমুখত আৱদ্ধ কৰি পৰৱৰ্তী সময়ত ঘটনাস্থলীত দণ্ডাধীশ প্ৰভাত পেগু উপস্থিতি হোৱাৰ পিছতহে শালবাৰী মহকুমা প্ৰশাসনৰ ওচৰত চমজাই দিয়ে আৱদ্ধ কৰা ডাম্পাৰ-ট্ৰাকসমুহ৷

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি বাক্সাৰ বিভিন্ন প্ৰান্তৰ লগতে সাউদৰভিঠা, গাতি,আনন্দ বজাৰ আদি পথত অধিক বহন কঢ়িয়াই ত্ৰাসৰ সৃষ্টি কৰি আহিছে ডাম্পাৰ, ট্ৰাকৰ লগতে ট্ৰেক্টৰসমূহে৷ এইক্ষেত্ৰত স্থানীয় ৰাইজ তথা ছাত্ৰ সন্থাৰ কৰ্মীয়ে শালবাৰী মহকুমা প্ৰশাসনক অবৈধভাবে চলাচল কৰা ডাম্পাৰ-ট্ৰাকসমুহৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি