শেহতীয়া খবৰ
দিল্লীৰ হিংসাত্মক কাৰ্যৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছৰ প্ৰাক্তন মহিলা কৰ্প’ৰেটৰক…  •  গুৰুতৰভাৱে অসুস্থ অখিল গগৈক কাৰাগাৰৰ পৰা প্ৰেৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ...  •  উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ হত্যা গোচৰ, শনিবাৰে আদালতে প্ৰদান কৰিব ৰায়...  •  কেনে আছে জুবিন? নেমকেয়াৰলৈ গৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে...  •  অশান্ত দিল্লীৰ ভিডিঅ’ হোৱাটছএপত কাৰোবালৈ প্ৰেৰণ কৰিছিল নেকি? ব্যৱস্থা ল’ব আৰক্ষীয়ে...  •  কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলক লৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ব্যতিক্ৰমী প্ৰচেষ্টা...  •  পাকিস্তানী সেনাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ আখ্যা দি কোনে আঁৰিলে পোষ্টাৰ…  •  ‘জুবিন গাৰ্গ মৰিলেও ভাল’ বুলি কৈ ৰোষত পৰিল নীৰৱ হাজৰিকা, মাতৃয়ে বিচাৰিলে ক্ষমা  •  শনিবাৰে স্বাক্ষৰিত হ’ব আমেৰিকা-তালিবানৰ মাজৰ শান্তি চুক্তি, ভাৰত হ’ব সাক্ষী  •  পুৱাই ভূমিকম্পৰ জোকাৰণি...

বাক্সাৰ শালবাৰীৰ গোৱৰ্দ্ধনাত টাটা মেজিকৰ খুন্দাত আহত বৃদ্ধাৰ মৃত্যু…

17

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ শালবাৰীৰ গোৱৰ্দ্ধনাত পহিলা আগষ্টত দিনৰ ভাগত টাটা মেজিকৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত বৃদ্ধাৰ আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ গোৱৰ্দ্ধনাৰ শিলপাৰা গাঁওৰ সত্তৰোৰ্ধৰ আমিনা আমিনা খাতুন নামৰ বৃদ্ধাগৰাকী বৰপেটা ৰোড-মানাহ সংযোগী গোৱৰ্দ্ধনা চ’কৰ চাৰিআলিৰ পথ পাৰ হ’ব খোজোতেই AS 15C 5018 নম্বৰৰ টাটা মেজিকখনে সমুখৰ পৰা খুন্দিয়াই আহত কৰিছিল৷

মেজিকৰ খুন্দাত বৃদ্ধাগৰাকী গাড়ীখনৰ একেবাৰে তলত সোমাই গৈছিল৷৷যাৰ বাবে হাত আৰু মুখমণ্ডল বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ বৃদ্ধাগৰাকীক গাড়ীৰ তলৰপৰা উদ্ধাৰ কৰি বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও আজি চিকিৎসাধীন অৱস্থাতেই মৃত্যুমুখত পৰে৷ মেজিকখনৰ চালক মুনচেৰ আলী সম্প্ৰতি পলাতক হৈ আছে৷

ইপিনে প্ৰতিদিনেই গোৱৰ্দ্ধনা বজাৰত দোকানীৰ পৰা দুই এটকা ভিক্ষা কৰি নিজৰ একমাত্ৰ পুত্ৰসহ পৰিয়ালৰ ভোৰণ পোষণ দিয়া বৃদ্ধা গৰাকীৰ মৃত্যুত স্থানীয় লোকসকলে অতিশয় দুখ প্ৰকাশ কৰিছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি