গোপনে হৈ গ’ল আৰু এখন বিয়া…ভাইৰেল PHOTO

গোপনে হৈ গ’ল আৰু এখন বিয়া…ভাইৰেল PHOTO

ডিজিটেল ডেস্কঃ এই কেইদিন দেশত কেৱল বিয়া। প্ৰিয়ংকা-দীপিকাৰ পৰা আদি কৰি ঈষা আম্বানীৰ লৈকে হাইপ্ৰফাইল কেইবাখনো বিয়াই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা আদি কৰি ছচিয়েল মিডিয়া লৈকে সকলোতে এই বিয়াবোৰক লৈয়ে আলোচনা। কিন্তু শেহতীয়াকৈ অতি গোপনে সম্পন্ন হৈ গ'ল আৰু এখন বিয়া।

বিয়াখন দেশৰ দুই ক্ৰীড়া তাৰকাৰ মাজতে সম্পন্ন হৈছে যদিও বিয়াখনত নাই কোনোধৰণৰ জাক-জমকতা। পৰিয়ালৰ উপস্থিতিত অতি সাধাৰণ ভাৱে হৈ যোৱা এই বিয়াখন ১৪ ডিচেম্বৰত সম্পন্ন হ'ল দেশৰ বেডমিন্টন তাৰকা ছাইনা নেহৱাল আৰু পাৰপল্লী কাশ্যপৰ মাজত। দিল্লীৰ ৰায়দুৰ্গমস্থিত ছাইনা নেহৱালৰ বাসগৃহত ৪০ জন অতিথিৰ উপস্থিতত সম্পন্ন হল এই বিয়াখন।

বিয়াখনত উপস্থিত আছিল অন্ধপ্ৰদেশ আৰু তেলেংগানাৰ ৰাজ্যপাল ই এছ এল নৰসিম্মাও। গোপনে হৈ যোৱা এই বিয়াখনৰ বিষয়ে আগতীয়াকৈ খবৰ নাপালে দেশৰ সংবাদ মাধ্যমেও। বিয়াৰ পিছত ছাইনাই টুইটাৰত দিয়া এটা পোষ্টৰ জৰিয়তেহে এই খবৰ সমগ্ৰ দেশতে বিয়পি পৰে। টুইটাৰত বিয়াৰ ফটোৰ সৈতে ছাইনাই লিখিছে ' বেষ্ট মেচ অৱ মাই লাইফ' ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in