মৃত বিদ্যুৎ কৰ্মীৰ ভাতৃক স্থায়ী নিযুক্তিৰ দাবীত শাক্তিমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান…

মৃত বিদ্যুৎ কৰ্মীৰ ভাতৃক স্থায়ী নিযুক্তিৰ দাবীত শাক্তিমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান…

ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোৰ জাকিৰ আলী নামৰ অস্থায়ী কৰ্মচাৰী গৰাকী যোৱা ১১ ছেপ্টেম্বৰত বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি ল'ব লগা হৈছিল। বকো থানা আৰু ছয়গাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত আন্ধেৰীটাৰীগাঁৱৰ অস্থায়ী কৰ্মচাৰীগৰাকীৰ পৰিয়ালটোৱে যাতে উপযুক্ত ক্ষতিপূৰণ লাভ কৰে তাৰবাবে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে যথেষ্ট তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।

বুধবাৰে বিধায়ক ৰেকিবুদ্দিন আহমেদ সহ ছয়গাওঁ ৰাজহ চক্ৰ বিষয়া সুৰুজ সোণোৱাল  , ছয়গাওঁ বিদ্যুৎ উপ-সংমণ্ডল বিষয়া পাৰ্থজিৎ মজুমদাৰ, মানৱ অধিকাৰ কৰ্মী পাৰবিন চুলতানাকে ধৰি বিশিষ্ট ব্যক্তিসকলে জাকিৰ আলীৰ ঘৰত উপস্থিতহৈ মাতৃ তজিমা বিবিৰ হাতত বিদ্যুৎ বিভাগৰ পৰা চাৰি লাখ টকাৰ চেক প্ৰদান কৰে।

 জাকিৰ আলীৰ ভাতৃ জয়নাল আলীক অহা ১ অক্টোবৰৰ পৰা বিভাগটোৰ বামুণীগাওঁ শাখা কাৰ্যালয়ত অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰাৰ বাবে অনুমতি প্ৰদান কৰে । অৱশ্যে প্ৰীতিপুৰ চৌধুৰীপাৰাৰ গয়ৰহ হে জয়নাল আলীক বিদ্যুৎ বিভাগত স্থায়ী কৰ্মচাৰী হিচাপে নিযুক্ত দিবলৈ দাবী জনাই ছয়গাওঁ বৈদ্যুতিৎ উপ-সংমণ্ডল বিষয়া পাৰ্থজিৎ মজুমদাৰৰ জৰিয়তে শক্তিমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

উল্লেখযোগ্য যে যোৱা ১১ ছেপ্টেম্বৰৰ পুৱাই বকোৰ বীৰপাৰাগাঁৱৰ তিনি আলি চ'কত ট্ৰাকে ছিঙি থৈ যোৱা বৈদ্যুতিক তাঁৰ জোঁৰা দিওঁতেই বিদ্যুৎ স্পৃষ্টহৈ অস্থায়ী কৰ্মচাৰী জাকিৰ আলীৰ মৃত্যু হৈছিল।  ৰাইজে কৰ্মচাৰীগৰাকীৰ মৃত্যুৰ বাবে বিদ্যুৎ বিভাগটোক সম্পূৰ্ণ জগৰীয়া কৰি ক্ষতিপূৰণ হিচাপে জাকিৰ আলীৰ পৰিয়ালক ৫০ লাখ টকা আৰু পৰিয়ালৰ এগৰাকী লোকক এটা চাকৰি দিবলৈ দাবী জনাইছিল। আজি জাকিৰ আলীৰ পৰিয়ালৰ ঘৰত ঐক্য সেনা অসমৰ সাধাৰণ সম্পাদক মুকিবৰ ৰহমান,  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক ৰাহুল চৌধুৰী , প্ৰীতিপুৰ চৌধুৰীপাৰা ৰাইজ গয়ৰহ সভাপতি আলিমউদ্দিন আলীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in