বাহুবলী প্ৰভাসৰ নতুন ছবিঃ চাওঁক ‘ছাহো’ৰ দ্বিতীয়টো হিট ট্ৰেইলা…

বাহুবলী প্ৰভাসৰ নতুন ছবিঃ চাওঁক ‘ছাহো’ৰ দ্বিতীয়টো হিট ট্ৰেইলা…

ডিজিটেল ডেস্কঃ বলিউদৰ জনপ্ৰীয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ৩২ সংখ্যক জন্মদিনত মুক্তি পালে নতুন হিন্দী ছবি 'ছাহো'ৰ দ্বিতীয়টো ট্ৰেইলাৰ। ছবিখনৰ ট্ৰেইলাৰটোত দেখিবলৈ পোৱা গৈছে শ্ৰদ্ধাক। বাহুবলীৰ পাছত ছাউথৰ লগতে বৰ্তমান বলিউদৰো ছুপাৰষ্টাৰ প্ৰভাসে অভিনয় কৰা নতুন ছবি ছাহোত শ্ৰদ্ধা কাপুৰক এগৰাকী সাধাৰণ ছোৱালীৰ লগতে দেখিবলৈ পোৱা যাব একচন কৰাও।

উল্লেখ্য যে, যোৱা ২৩ অক্টোবৰত মুক্তি পাইছিল ছাহোৰ প্ৰথমটো ট্ৰেইলাৰ। এই ট্ৰেইলাৰটো অভিনেতা প্ৰভাসৰ ৩৯ সংখ্যক জন্মদিনৰ দিনাখন মুক্তি দিয়া হৈছিল। আৰু শ্ৰদ্ধা কাপুৰে প্রথমটো ট্ৰেইলাৰ শ্বেয়াৰ কৰিছিল। আনহাতে, শ্ৰদ্ধা কাপুৰে বলিউদ জগতত কৰা ছবিসমূহলৈ লক্ষ্য কৰি এইছবিখনক বিশেষ গুৰু্ত্ব দিছে অভিনেত্ৰীগৰাকীয়ে। কাৰণ এই ছবিখন ভাৰতৰ লগতে বিশ্ববাসীয়ে চাবলৈও অপেক্ষা কৰি আছে।

ইফালে, হিন্দী আৰু তেলেগু ভাষাত শ্বুট কৰা এই ছবিখন অৱশ্যে মুকলি পাব ১৫ আগষ্ট, ২০১৯ত। স্বাধীনতা দিৱসৰ দিনটোত ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ দৰ্শকক এক উপহাৰ দিয়া বুলিও কয় অভিনেতা প্ৰভাসে। দৰ্শকে এই ছবিখন চাই বহু ভাল পাব বুলি কয় তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in