আকাশীগংগা বিচৰা নাই

আকাশীগংগা বিচৰা নাই

♦ নিৰ্মালি সন্দিকৈ

ল'ৰা-ছোৱালী হালক মিউজিক স্কুলত নমাই থৈ তাই ততাতৈয়াকৈ ঘৰমুৱা হ'ল। পূজা আৰু বিয়াৰ ছিজন পালেহি। এনেকুৱা দিনবোৰত তাইৰ উশাহ লোৱাৰ সময় নাই। ১১ বজাত দুজন ক্লায়েন্ট অহাৰ কথা। তাই ঘড়ীটোলৈ চাই দেখিলে এতিয়াও হাতত ডেৰ ঘণ্টা আছে। ফুডমাৰ্টত সোমাই তাই দৰকাৰী বস্তু কেইপদ লৈ যাব পাৰিব। ছোৱালীজনীয়ে ড্ৰাইফ্ৰুটছ খাই ভাল পায়। ল'ৰাটোৰ একোতেই আপত্তি নাই। হাঁহেৰেও ৰাজি, মাহেৰেও ৰাজি। সিহঁতৰ আব্দাৰ বুলিবলৈ মাকজনী ধুনীয়াকৈ সাজি-কাচি থকা আৰু প্ৰফেচনেল লাইফত সক্ৰিয় হৈ থকা। দুয়ো ক্লাছ ফাইভত পঢ়ে। ল'ৰাটোতকৈ ছোৱালীজনী কেইটামান মিনিটৰ সৰু। এই বয়সতে সিহঁতে মাকৰ জীৱনৰ আটাইতকৈ কঠিন ধুমুহা আৰু সংগ্ৰাম দেখি কম বয়সতে বুজন হৈ পৰিছে। সিহঁতে পৰাখিনি নিজেই কৰি লয়। মাকক ওলোটাই সহায়হে কৰে। ল'ৰা-ছোৱালী হালৰ বাবে তাই ধুমুহাই হলাব নোৱাৰা গছ হৈ থাকে।

তাইৰ ঘৰতে বুটিক। যোৱা এমাহ ধৰি তাই দিন-ৰাতি একাকাৰ কৰি কাম কৰিছে। বনকৰা মানুহজনী আহি ঘৰুৱা কাম-বনবোৰ কৰি নিদিয়া হ'লে তাইৰ মহা বিপদ হ'ল হেঁতেন। সিহঁতৰ পঢ়া শুনাও ভালকৈ চাবলৈ পোৱা নাই। কৰাৰ নামত কোনোমতে দুইটাকে ৰান্ধি খুৱাবহে পাৰিছে। ৰাতি বিছনাত দুয়োটাৰে টোপনিত লাল-কাল মুখখন চাই তাই নিজকে অপৰাধী যেন অনুভৱ কৰে। তাইৰ মনত পৰে, সেইবোৰ দিনলৈ যেতিয়া তাই কামলৈ ওলাই যাবৰ সময়ত দুইটাই তাইক আঁকোৱালি ফেঁকুৰি উঠে আৰু তাই ডিঙিলৈকে উজাই অহা কান্দোন সামৰি কয়-মই সোনকালে আহিম। তোমালোকলৈ বিস্কুট আনিম। অৱশ্যে তাই হোষ্টেলত ৰাহি হোৱা ভাত তৰকাৰীৰ বাদে কেতিয়াও সিহঁতক বিস্কুট কিনি খুৱাব পৰা নাছিল। তাইৰ দুবছৰীয়া অকণমানি দুটাই গাখীৰ অকণমানো খাবলৈ নোপোৱাকৈ ডাঙৰ হৈছিল। কিন্তু তাইৰ কঁপাল ভাল আছিল। হোষ্টেলৰ মালিকনী বাইদেৱে তাইৰ ল'ৰা-ছোৱালী হালক মাজে মাজে গাখীৰ খুৱাই থৈ আহিবলৈ দিছিল। দুপৰীয়া তাইৰ ছুটী হৈছিল। তাইৰ ল'ৰা-ছোৱালী হালক উমলাই থকা জেউতি মাহীয়ে তেতিয়া ভাত ৰান্ধিবলৈ ওপৰলৈ গৈছিল। জেউতি মাহীয়ে দুপৰীয়াৰ সাজ ৰান্ধিছিল আৰু তাই হোষ্টেলৰ কোঠাবোৰ সৰা-মচা কৰিছিল। দুজনী নিঠৰুৱা মানুহে একেটা কোঠাতে কোনোমতে উশাহ লৈ আছিল। কেতিয়াবা মাহীলৈ তাইৰ চেৰেঙকৈ মনত পৰে। নলবাৰীৰ কোনোবা ডাক্তৰ পুতেকৰ হতভাগিনী মাক তেওঁ। ভাগ্যৰ বিড়ম্বনাত নিজৰ পৰিচয় গোপন কৰি তেওঁ হোষ্টেলৰ ৰান্ধনী হৈছিল। আৰু তাই? কাৰোবাৰ বিধৱা পত্নী, কাৰোবাৰ অনাদৃতা বোৱাৰীৰ বাদে তাইৰ কোনো পৰিচয় নাছিল। কক্ষচ্যুত উপগ্ৰহৰ দৰে দূৰৰ কোনোবা নক্ষত্ৰৰ পোহৰত জী থকা দুঃসময় আছিল সেয়া।

মেৰিণাহঁতৰ ৰুমৰ আটাইকেইজনী দেওবাৰ বুলি বেলি দুপৰলৈকে শুই আছিল। তাই কোঠা সাৰিবলৈ গৈ ঢকিয়াই ঢকিয়াই মাতিও সঁহাৰি নোপোৱাত আন এটা কোঠালৈ সোমাই গ'ল। একমাত্ৰ এইটো কোঠাতে তাই নিঃসংকোচে কাৰো অনুমতি নোলোৱাকৈ সোমাই যাব পাৰে  স্বৰ্ণচম্পা ফুলৰ সুবাসেৰে কোঠাটো আমোলমোলাই আছিল। বৈদেহীয়ে সদায় এইটো সুগন্ধিৰ ধূপ জলায়। পুৱতি নিশাৰ পৰাই তাই পঢ়া টেবুলত বহে। এই ছোৱালীজনী হোষ্টেলৰ সকলো ছোৱালীতকৈ বেলেগ। কাৰো সতেই তাইৰ মনোমালিন্যও নাই কাৰো সতে প্ৰয়োজনাধিক হলিগলিও নাই। প্ৰায়েই তাইৰ নিজৰ কোঠাটো সাৰি-মচি গা-পা ধুই পঢ়ি থাকে। হোষ্টেলৰ মালিকনীয়ে হঠাতে কাৰোবাক টু ছীটাৰ ৰুম দেখুৱাবলৈ হ'লে বৈদেহীৰ ৰুমটোকে মানুহক দেখুৱায়। তাই পৰিপাটিকৈ বিচনা, টেবুলৰ কিতাপ আনকি বাল্টিটোলৈকে থানথিত লগাই থয়।

বৈদেহীয়ে বেৰত আউজি কঁপাল মোহাৰি বহি আছিল। তাইৰ ৰুমমেট তন্ময়ী তেতিয়াও টোপনিত। বৈদেহীয়ে কাৰোবাৰ উপস্থিতি গম পাই মূৰ তুলি চাই হাঁহি পেলালে। আজি কিন্তু তুমি আমাৰ ৰুমটো মচি দিবা দেই ইলোৰা বা। মই একদম হাত দাঙি দিছো আজি। তাই ব্যতিব্যস্ত হৈ বহী এখন টেবুলৰ পৰা টানি আনিলে।

কিনো লিখিছা চাওঁ বুলি তাই কাষ চাপি গ'ল। আন ছোৱালী হ'লে হয়তো ইতিকিং কৰিলে হয়। কিন্তু বৈদেহীয়ে ক'লে, এইটো চোৱা ইলোৰা বা। ইমান ভয়ানক অংক! মোক আজি ই পাগল কৰি দিব। বৈদেহীৰ মৰমলগা চকুহাল বিস্ময় আৰু আশ্চৰ্যত বিস্ফোৰিত কৰি তাই অংকটোৰ উত্তৰ বহীখনত উলিয়াই দি ততালিকে আন এটা কোঠা চাফা কৰিবলৈ গুচি গৈছিল।

তাৰ পাছৰ দিনবোৰ বৰ বিস্ময়কৰভাৱে সলনি হৈছিল। হোষ্টেলৰ মালিকনী বাইদেৱে আৱিষ্কাৰ কৰিছিল ইলোৰা ফুকনৰ প্ৰকৃত পৰিচয়। দেৱীৰ দৰে তেওঁ ইলোৰাৰ জীৱনলৈ পৰিৱৰ্তন নমাই আনিছিল। বৈদেহী আৰু হোষ্টেলৰ আন আন ছোৱালীৰ অনুৰোধত তেওঁ তাইক হোষ্টেলৰ ৱাৰ্ডেন পাতিছিল। তাৰ পাছতো তাই কোঠা সলনি কৰা নাছিল। ভাত ৰান্ধনী জেউতি মাহী আছিল তাইৰ দুখৰ দিনৰ সহচৰ। সেইগৰাকী মানুহৰ ডেউকাৰ তলত তাই মাকৰ উম বিচাৰি পাইছিল।

ভিজিটিং ৰুমৰ চেন্টাৰ টেবুলখনত ধুনীয়া পেপাৰ ৱেইট এটাৰ ওপৰত ছোৱালীবোৰে লিখি দিছিল-

ইলোৰা ফুকন, ৱাৰ্ডেন
এম.এচ.চি, বি.এড

খাবলৈ ভাত আৰু মূৰৰ ওপৰত এখন নিৰাপদ চালি পোৱাৰ বাদে তাইৰ আৰু কোনো হেঁপাহ নাছিল। মনৰ সুখ অথবা আপোনজনৰ এষাৰ অমাতৰ মাত তাইৰ বাবে অকল্পনীয় আছিল। তেনেস্থলত এটা অভিজাত হোষ্টেলৰ ৱাৰ্ডেন হ'বলৈ পাই তাই সকাহ পাইছিল। বৰষুণৰ পানী পাই মুকলি হোৱা পাত এখিলাৰ দৰে ছোৱালীবোৰৰ সৈতে প্ৰাণখুলি হাঁহিছিল, ধেমালি কৰিছিল। তাইৰ ল'ৰা-ছোৱালী হালে গাখীৰত হৰলিক্স মিহলাই খাবলৈ পাইছিল। অথচ সৌসিদিনা তাই কোলাই-বোকোচাই এবছৰীয়া ল'ৰা-ছোৱালী হালক লৈ চহৰৰ সোঁমাজত থকা ট্ৰেইন ষ্টেচনটোলৈ ওলাই আহিছিল। তাই নিজৰ লগতে কেঁচুৱাহালৰো মৃত্যু কামনা কৰিছিল।

জনশূণ্য প্ৰায় ষ্টেচনটোত অকণমানি দুটাই আমনি পাইছিল। তাই বাৰে বাৰে যাত্ৰীৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বাটটোলৈ ডিঙি মেলি চাইছিল। বহুত সময় অকণমান দুটাই উদং ষ্টেচনটোত মাকৰ বিব্ৰত, বিবৰ্ণ মুখখনৰ বাদে আনন্দ উৎসাহজনক একো নেদেখি সিহঁতে ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। উপায়হীন অসহায় মাকজনীয়ে ছাগলী পোৱালি এটা খেদি খেদি সিহঁতক নিচুকাবলৈ যত্ন কৰিলে। প্ৰচণ্ড গৰম, ভোক, ভাগৰ, পিয়াহৰ পাছত মাক আৰু কেঁচুৱা তিনিও অৱশ, নিস্তেজ হৈ পৰিছিল। এটা সময়ত ল'ৰা-ছোৱালী হালৰ ছাগলী খেদা খেলটোও আমনি লাগিল আৰু দুইটাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। মাকজনী তেনেই নিৰূপায় হৈ পৰিল। দুয়োকে বুকুতে সাৱটি এইবাৰ মাকেও উচুপি উঠিল। তেতিয়ালৈকে ষ্টেচনত সিহঁতৰ এঘন্টা পাৰ হৈ গৈছিল।

আবিয়ৈ ননদজনী আৰু শাহুৱেকৰ কবলৰ পৰা কোনোমতে লুকাই চুৰকৈ পলাই আহি তাই এইখিনি পাইছে। যোৱা দুদিন ধৰি ভোকে-লঘোণে তাই কোনোৰকম প্ৰাণটো লৈ জী আছে। গিৰীয়েকৰ অমানুষিক অত্যাচাৰৰ চিনবোৰ এতিয়াও তাইৰ শৰীৰত আঘাত হৈ জিলিকি আছে। মাকৰ ঘৰৰ পৰা মটৰ চাইকেল এখন আনি দিব নোৱাৰাৰ অপৰাধত দিনে-ৰাতিয়ে তাইৰ ওপৰত মাৰপিট চলিছিল। তাইৰ অকণমানি দুটাই কান্দি কান্দি লেবেজান হৈছিল। অথচ মাকৰ ঘৰৰ পৰা বস্তু খুজি অনা দূৰৰ কথা মাকৰ ঘৰলৈ যোৱাৰ বাটেই তাইৰ বন্ধ। কাৰণ অজাতি ল'ৰাৰ সৈতে বিয়া হোৱাৰ চেলু লৈ তাইৰ বৌৱেকে তাইক ঘৰলৈ অহাটো নিবিচাৰিছিল। ককায়েকো সেই একেই। মাক-দেউতাক কেতিয়াবাই ঢুকাইছিল। তাই জানে, ৰাজবীৰৰ সৈতে পলাই গৈ বিয়াত বহাটো তাইৰ জীৱনৰ আটাইতকৈ ভুল সিদ্ধান্ত। যাৰ শাস্তি এতিয়া তাইৰ লগতে সন্তান হালেও ভূগিছে। অথচ তাই কোনোদিনেই কাকো দুখ দিয়া নাছিল। কিন্তু ৰাজবীৰৰ ঘৰত তাই নৰকৰ মুখামুখি হৈ অৱশেষত নিজৰ মৃত্যু কামনা কৰিলে।

নামনিমুৱা ট্ৰেইনখন আহি প্লেটফৰ্মত সোমাবৰ পৰতে তাই দুৰ্বল খোজেৰে ভোকত অচেতন কেঁচুৱাহালক লৈ চুঁচৰি চুঁচৰি সন্মুখলৈ আগুৱাই গ'ল। ঘামত তিতি থকা তাইৰ অকণমানি দুটাৰ গালে-মুখে মাখিয়ে আমনি কৰিছিল। সেইবোৰলৈ তাইৰ ভ্ৰূক্ষেপ নাই। তাই সন্মোহিত জন্তুৰ দৰে কেৱল আগুৱাই গ'ল। ট্ৰেইনখনৰ গতিৰ সতে তাই নিজৰ অভিশপ্ত জীৱনটো নিঃশেষ কৰি দিব খুজিলে।

ট্ৰেইনখন আহি পোৱা মাত্ৰেই জঁপিয়াই দিম বুলি ভাবি থাকিলেও তাইৰ অদৃষ্টই তাইক অন্য এফালেহে টানিলে। ট্ৰেইনখন প্লেটফৰ্মত সোমোৱাৰ আগতেই তাই ধুঁৱলি-কুঁৱলী দেখিলে। তাৰ পাছত আৰু তাইৰ একো মনত নাই। জ্ঞান উভতি অহাৰ পাছত তাই নিজকে এটা ডবাত আৱিষ্কাৰ কৰিলে। জনশূন্যপ্ৰায় ডবাটোত মানুহ বুলিবলৈ কেৱল কেইজনীমান আদহীয়া মাইকী মানুহ আৰু এজনী তাইৰ দৰেই কেঁচুৱাৰ মাক আছিল। দীঘলীয়া ছিটটোত তাইক শুৱাই মানুহকেইগৰাকী আনটো ছিটত কোনোমতে থেপাথেপিকৈ বহি আহিছে।

তাইৰ ল'ৰাটোক এগৰাকী মহিলাই পানীত তিয়াই তিয়াই বিস্কুট খুৱাইছে আৰু অচিনাকি গাভৰু মাক জনীয়ে নিজৰ কেঁচুৱাটো আন এগৰাকীৰ হাতত দি ভোকত অচেতন তাইৰ ছোৱালীজনীক নিজৰ গাখীৰ খুৱাইছে। মৃত্যুও তেনে তাইৰ বাবে দুৰ্লভ! এই দুটি নিৰ্দোষ জীৱ কোলাত লৈ তাই ক'লৈ যাব! কি কৰিব? বেশ্যা নাইবা ভিক্ষাৰীণী হোৱাৰ বাদে তাইৰ আৰু কি উপায় আছে? অক্ষম ক্ৰোধত তাই চুলি আঁজুৰি আঁজুৰি কান্দিবলৈ ধৰিলে। কোনেও তাইক সান্তনা নিদিলে। এসময়ত তাইৰ ভাগৰ লাগিল। কোনোবা এজনীয়ে ধৰি নি তাইক মুখ-হাত ধুৱাই আনিলে। আটায়ে একেলগে টিফিন কেৰিয়াৰত নিয়া ভাত খালে। সিহঁতৰ ভাগৰ পৰাই তাই দুগৰাহ মান নিলে যদিও খেলিমেলি চিন্তাই তাইক কোবাই থাকিল। সিহঁতৰ কথা-বতৰাৰ পৰা তাই মাত্ৰ অনুমান কৰিলে যে প্ৰায় কেইগৰাকীয়ে পূজাৰ বন্ধ কটাই কামলৈ উভতি অহা বনকৰা তিৰোতা। কেঁচুৱাৰ মাকজনী শহুৰৰ ঘৰলৈ আহিছে।

ল'ৰা ছোৱালী হালে কেঁচুৱাটোৰ লগত উমলিছিল। সিহঁতৰ জীৱনলৈ নামি অহা দুৰ্যোগৰ কথা জানি বৰ জ্ঞান হোৱা হ'লে সিহঁতো চাগে তাইৰ দৰেই বাউলী হ'ল হয়! কোনেও তাই ক'ৰ মানুহ, কি কথা নুসুধিলে। মাথোঁ এগৰাকীয়ে ক'লে- তই মোৰ লগত যাবি? সেয়া আছিল জেউতি মাহী। তাই একো উত্তৰ নিদিলে। জীয়াই থকাৰ ইচ্ছা আৰু সাহস তাইৰ নোহোৱা হৈ পৰিছিল। জেউতি মাহীয়ে কৈছিল- মোৰ লগত গ'লে তই অন্ততঃ বেশ্যা হোৱাৰ পৰা বাচিবি। তোৰ ল'ৰা-ছোৱালী হালে দুবেলা খাবলৈ পাব। আৰু যদি নেযাওঁ বুলি ভাবিছ তেতিয়া ৰে'লত ভিক্ষা কৰিব লাগিব নহ'লে সৌ দুৱাৰখনৰ পৰা তললৈ…! জেউতি মাহীয়ে কথাটো সম্পূৰ্ণ নকৰিলে।

সন্ধিয়া পৰত ট্ৰেইনখন শেষ ষ্টেচনটোত প্ৰৱেশ কৰিলে। আটাইকেইজনী মানুহ তাতেই নামিল। তাইৰ ল'ৰা-ছোৱালী হাল লৈ জেউতি মাহী তাইৰ আগে আগে নামিল। তাইও বলিশালৰ পশুৰ দৰে ভীত অনিশ্চিত খোজেৰে মাহীৰ পাছ ল'লে। ষ্টেচনৰ বাহিৰত ৰিক্সা এখন লৈ দুইজনী বহিল। মাহীয়ে ক'লে, তই মৰিবলৈ ওলাই অহা নাই। তই নতুনকৈ জীৱন পাবলৈ আহিছ। সেইকাৰণেই তই কান্ধত বেগটো আনিবলৈ পাহৰা নাই। তাইৰ লাজ লাগিল। এৰাটো! আত্মজাহ দিবলৈ আহি তাইতো স্কুল কলেজৰ মাৰ্কচিটৰ পৰা মেৰেইজ চাৰ্টিফিকেটলৈকে আটাইবোৰ নথিপত্ৰ বেগত লৈ আহিছে। মৰিব খোজা মানুহক এইবোৰৰ কি প্ৰয়োজন?

এসময়ত এটা সুদৃশ্য অভিজাত হোষ্টেলৰ সন্মুখত ৰিক্সাখন ৰ'লগৈ। মাহীয়ে কান্ধত নিজৰ বেগটো আৰু তাইৰ ছোৱালীজনী কোলাত লৈ নামিল। তলৰ মহলাত হোষ্টেলৰ মালিকৰ ঘৰ। তাৰে এটা কোঠাত মাহী থাকে। গেইটৰ মুখতে ড্ৰাইভাৰটো ৰৈ আছিল। তাৰ প্ৰশ্ন বোধক চাৱনিটো তল পেলাই মাহীয়ে ক'লে, "মোৰ ভাগিন ছোৱালী। বাইদেৱে কামৰ কাৰণে আনিব দিছে।'

জেউতি মাহীক লৈ হোষ্টেলৰ মালিকনী বাইদেউৰ সন্তুষ্টিৰ সীমা নাছিল। তেওঁ প্ৰতিটো কামেই নিখুঁটকৈ কৰিছিল। কেৱল দুপৰীয়াৰ সাজহে তেওঁ ৰান্ধিছিল। পুৱা-ৰাতি ৰান্ধিবলৈ বেলেগ মানুহ আছিল। তেওঁ মালিকৰ পৰা দৰমহাৰ নামত একো বিচৰা নাছিল। অথচ সকলো কামকৰা মানুহক তদাৰক কৰাৰ পৰা, বসন্ত ড্ৰাইভাৰৰ লগত বজাৰলৈ গৈ সপ্তাহৰ কাৰণে ৰেচন লৈ অনালৈকে তেওঁ কৰিছিল। মালিকনী বাইদেউৰ পুৰণি ডিজাইনৰ চাদৰ মেখেলাবোৰ কাটিকুটি নতুনকৈ বনাই দিয়াৰ পৰা আমৰ পুডিং বনোৱালৈকে তেওঁ কৰিছিল। বাইদেৱে কেতিয়াবা ইমান কাম কেনেকৈ জানা বুলি সুধিলে কয়- আগতে য'ত কাম কৰিছিলো তাতেই শিকা। তেওঁ কেতিয়াও নকয় ডাক্তৰ স্বামী আৰু ল'ৰাহালৰ বাবে তেওঁ প্ৰায়েই বিভিন্ন ধৰণেৰে ৰন্ধা বঢ়া কৰিছিল। সাজি-কাছি থকা আৰু ধুনীয়াকৈ সাজ-পোছাক চিলাই কৰাত তেওঁৰ এটা নামেই আছিল।

মালিকনী বাইদেউ নিজেও এগৰাকী অত্যন্ত ভাল মানুহ আছিল । তেওঁ জেউতি মাহীৰ খোৱা পিন্ধা আৰু থকাৰ সুবিধা দিয়াৰ ওপৰিও মাহে মাহে পাঁচশকৈ দিছিল । সেই জেউতি মাহীয়ে যেতিয়া ইলোৰাক নি মালিকনী বাইদেউৰ আগত ভাগিনী বুলি চিনাকি কৰি কাম কৰিবলৈ অনাৰ কথা ক'লে তেতিয়া আপত্তি দৰ্শাবলৈ একোৱেই নাথাকিল । এনেয়েও বিশজনীয়া ছোৱালীৰ হোষ্টেলত চাফাই কৰা মানুহৰ প্ৰয়োজন হৈ আছিল । ইলোৰাৰ শান্ত স্বভাৱৰ বাবে হোষ্টেলৰ ছোৱালীবোৰেও তাইক ভাল পাইছিল । তাই নিজৰ কাম বন কৰি অঁটাইও জেউতি মাহীৰ পৰা চিলাই শিকিলে । মালিকনী বাইদেউৰ পুৰণি কিন্তু ভাল হৈ থকা মেচিনটোতে তাই ভালেমান কাম শিকিলে । জেউতি মাহীয়ে গাভৰুতে এবছৰীয়া কাটিং নিটিঙৰ ট্ৰেইনিং লৈছিল । দিনবোৰ এনেকৈয়ে গৈ আছিল । ইলোৰাৰ হোষ্টেলত কাম কৰা দেৰবছৰৰো বেছি হৈছিল । তেনেকুৱাতে এদিন জেউতি মাহীয়ে দুপৰীয়াৰ সাঁজ কোনোমতে ৰান্ধি আহি ইলোৰাক ক'লে,মোৰ গা টো বেয়া লাগিছে বুইছ । অলপ শুই লও।

ইলোৰা ব্যতিব্যস্ত হৈ পৰিল । মাহীয়ে মৃদু ধমক দি ক'লে,বহুত কিবা নাই হোৱা ৰচোন । শুলেই ভাল লাগিব । গধুলিলৈকে মাহীয়ে গায়ে মূৰে কাপোৰ লৈ শুই থাকিল ।  আন্ধাৰ হোৱাৰ পাছতো মাহী বিচনাৰ পৰা উঠি নহাত তাই যিমান পাৰি লাহে লাহে মাহীক মাতি জগাবলৈ চেষ্টা কৰিলে । মাহীৰ সাৰ সুৰ নাই । তাইৰ ভয় লাগি গ'ল । হেৰুৱাই হেৰুৱাই সৰ্বহাৰা হৈ মৃত্যুৰ বাদে একোৱেই নিবিচৰা তাইক মাহীয়ে বুটলি আনি এটা নতুন জীৱন দিছিল । তাইৰ ল'ৰা ছোৱালী হালে আইতাকৰ মৰম কন পাইছিল । এতিয়া সেইজনী মাহী এনেকৈ শুই আছে !!তাই ধৰফৰাই উঠিল । গাৰ কাপোৰ খন আঁতৰাই তাই মাহীক লাহেকৈ হেঁচুকি দিলে । মাহীৰ গা জুইৰ দৰে তপত । ৰঙা পৰি থকা চকু মুখেৰে মাহীজনীক কোনোবাই যেন এই অলপ আগেয়ে কন্দুৱাই থৈ গ'ল!!মাহীয়ে দুৰ্বল মাতেৰে ক'লে,ইহঁতদুটা শুলেনে?বাইদেউক মাত গৈ যা"

দুঃশ্চিন্তাত তাইৰ ডিঙি শুকাই গ'ল । কোনোমতে মাহীৰ মূৰটো ডাঙি ধৰি তাই পানী অকণমান খুৱাই দি বাইদেউক লৰালৰিকৈ মাতি আনিলে । বাইদেউ আহি পায়েই মাহীক দেখি কাতৰ হৈ পৰিল । মাহীয়ে বাইদেউক হাতযোৰ কৰি ক'লে,বাৰ্বিৰ হতুৱাই মোৰ উইল এখন কৰোৱাই দিয়ক বাইদেউ । মানুহজনে অলপমান কিবাকিবি দি গৈছিল তাকে ইলোৰাৰ নামত দি থৈ যাওঁ । সিঁহতেটো এদিনো বিচাৰি নাহিলেই!

বাইদেউ আশ্চৰ্যত ফাটি পৰিল । মাহীৰ অত্যাচাৰী ল'ৰা বোৱাৰী অথবা মাহীৰ স্বৰ্গগত ডাক্তৰ স্বামীৰ কথা তেওঁ কোনোদিনেই জনা নাছিল । মাথোঁ জানিছিল যে পুতেকৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰা মানুহ এজনী তেওঁৰ হোষ্টেল আৰু ঘৰত আজি অতবছৰে কাম কৰি আহিছে । মাহীক উপযুক্ত চিকিৎসা কৰোৱাত বাইদেৱে অলপো কৃপণালি নকৰিলে । বাইদেউৰ এডভোকেট জী বাৰ্বিয়ে মাহীৰ কথা মতেই উইলখনৰ ফৰ্মেলিটিজবোৰ পূৰাই দিলে । দহদিনমানৰ মূৰত মাহী গ'লগৈ । হস্পিটেলৰ পৰা বাহিৰে বাহিৰেই বিভাগীয় মানুহ আহি মাহীৰ নিঠৰ শৰীৰ চমজি ল'লে । স্বামীৰ দৰেই মাহীয়ে মেডিকেলৰ ষ্টুদেন্টক অৰ্পণ কৰিছিল নিজৰ নশ্বৰ দেহ ।

তাই পাইছিল চহৰৰ উপকন্ঠ অঞ্চলত এটা ডাবল বেদৰুমৰ ফ্লেট,তিনিলাখ নগদ টকা আৰু সৰু সুৰা দুপদমান সোণৰ গহনা । কিন্তু তাৰ পাছতো তাই আৰু দুবছৰ হোষ্টেলত ৱাৰ্ডেনৰ কাম কৰি বাইদেউৰ প্ৰতি কৃতজ্ঞতা জনাইছিল । কিন্তু বাইদেৱে এদিন নিজেই তাইক ক'লে,মোৰ ভাইটিৰ স্কুলত চাকৰি ওলাইছে । তুমি চাৰ্টিফিকেটবোৰ লৈ এদিন যোৱা ।

প্ৰাইভেট স্কুল খনত ছহেজাৰ টকাৰ দৰমহাৰে তাই চাকৰি আৰম্ভ কৰিলে । ল'ৰা ছোৱালী দুটাক তাতেই এডমিছন দিলে । ফ্লেটটোও পৰিয়াল এটাক দুবছৰ দিন ভাড়া দি থোৱাত অলপ টকা গোট খাইছিল । আৰু এদিন বাইদেউ,হোষ্টেলৰ ছোৱালীবোৰ আৰু বহুতো স্মৃতিৰ পৰা বিদায় লৈ তাইৰ নিজৰ ঘৰখন সজাবলৈ গুচি আহিল । বাইদেৱে দিয়া অংগীকাৰ আৰু সুগন্ধি নাম দুটাৰে তাইৰ ল'ৰা ছোৱালী দুটা স্কুলৰ তৃতীয় শ্ৰেণী পালেগৈ । সেইবোৰ দিনত তাই অশেষ কষ্ট কৰিলে । স্কুল ,সিহঁতৰ হোমৱৰ্ক আৰু ঘৰুৱা জঞ্জাল মাৰি অঁতাই ৰাতি ৰাতি তাই কাপোৰ চিলাবলৈ ধৰিলে । প্ৰথমে নিজৰ কলিগ আৰু ল'ৰা ছোৱালী দুটাৰ বন্ধু বান্ধৱীৰ মাকহঁতৰ কাপোৰকে তাই চিলাইছিল । কিন্তু খুব কম দিনতে তাইৰ বহুত অৰ্দাৰ আহিবলৈ ধৰিলে । কামৰ হেঁচাত তাই শুবলৈ নোপোৱা হ'ল । তেনেকুৱাতে তাইক বিচাৰি এদিন চাপৰ,শকত,বগা মানুহ এগৰাকী আহিল । দুৱাৰখন খুলি তাই আচৰিত হ'ল । বহল চকুহালেৰে মেল খাই থকা মুখখনেৰে শিলৰ মূৰ্ত্তি হৈ তাই শুৱনি মানুহ জনীক চাই থাকিল ।

:আপুনি? বাইদেউ! ইয়াত কেনেকৈ ?
ইলোৰা বিস্ময়ত ফাটি পৰিল । মানুহ গৰাকীয়ে মিঠা কৈ হাঁহি ক'লে,ভিতৰলৈ নেমাতা?
তাই লৰালৰিকৈ বাইদেউক মাতি আনি ভিতৰত বহুৱালে । তেখেতে তাইক কলেজত পঢ়ুৱাইছিল । তাই আছিল বাইদেউৰ অন্যতম মৰমৰ ছাত্ৰী । বাইদেৱে তাইক মৰমতে ইলা বুলি মাতিছিল । কোনোবা সম্ভ্ৰান্ত আহোম বুঢ়াগোঁহাইৰ পৰিয়ালৰ জীয়ৰী বাইদেউ বিয়া হৈছিল ডিমাচা প্ৰশাসনিক বিষয়া অনন্ত পৰ্বতচাৰ সৈতে । বাইদেউৰ ব্যক্তিত্বও সম্ভ্ৰান্ত আছিল । কিন্তু ব্যৱহাৰ আছিল তেনেই সৰল । বাইদেৱে কোনো পাতনি নেমেলাকৈ ক'লে,সেউজীৰ পৰা তোমাৰ ঠিকনা ল'লো । তাই মোৰ ননদৰ ছোৱালী । তাইৰ কেইবাজোৰো কাপোৰ মই দেখিছো । তাৰ পাছত আৰু মোৰ ৰৈ থাকিবলৈ মন নগ'ল । তিনি মাহ পাছত মোৰ ছোৱালীজনীৰ বিয়া । তুমি কেৱল তাইৰ নহয় আমাৰ পৰিয়ালৰ সকলোৰে কাপোৰৰ ডিজাইন কৰিব লাগিব । মেটেৰিয়েলচ বোৰ মই দিম । মোৰ মেচিনটোও পঠিয়াই দিম । তুমি কৰিবা । কৰিবানে?

তাই না কৰাৰ পশ্নই নাছিল । বাইদেউৰ বাবে তাই তেওঁৰ পুৰণি মূগাৰ কাপোৰেৰে ৰাজমাওৰ দৰে এসাজ ৰিহা মেখেলা চাদৰ তৈয়াৰ কৰিছিল । ৰিয়েল মাদ্ৰিদৰ পৰা অহা দৰাৰ বন্ধু আৰু পৰিয়াল বৰ্গৰ সন্মুখত এখন সম্পূৰ্ণ পৰম্পৰাগত চকলং বিয়া ডাঙি ধৰা হৈছিল । আৰু দৰাৰ স্বৰ্গদেউৰ দৰে সাজটোৱেই নহয়,সকলো কইনা ঘৰীয়া মানুহৰ পোছাকেই মানুহে বিমুগ্ধ হৈ চাইছিল । তাৰ পাছত তাই ৰোৱা নাই । ৰ'বলৈ সময় আৰু অৱকাশ পোৱা নাই । ল'ৰা ছোৱালী হালে তাইক কেতিয়াবা মৰমৰ শাসনৰেৰে কয়,ইমান অৰ্ডাৰ লোৱা কিয় মা?

তাই আঁকোৱালি ধৰি দুইটাকে সেই তাহানিৰ দৰেই কয়,তোমালোকৰ বাবেই বেটা!
সময়তকৈ দহমিনিট আগতেই তাই বুটিক পালেগৈ । আজিকালি তাই ঘৰৰ পৰাই সকলো চম্ভালিব নোৱাৰে । চহৰৰ মাজমজিয়াতে ভাড়াঘৰ লৈ তাই বুটিক চলাইছে । দুজন কাৰিকৰ আৰু হেল্পাৰ ছোৱালী তিনিজনীও আছে । চাহ কাপ খাই তাই এবাৰ আইনাত মুখখন চালে । চব ঠিকেই আছে । ক্লায়েন্টৰ আগত তাই পৰিছন্ন হৈ ওলাবলৈ ভাল পায় ।

মানুহ এহাল সোমাই আহিল । ইলোৰাৰ বুকুখন এবাৰ ঢুক্ কৈ উঠিল । তাইৰ সমবয়সীয়া নীতাৰা নামৰ ত্ৰিশোৰ্ধ ছোৱালীজনীয়ে তাইৰ সন্মুখতে মানুহজনৰ সতে বহিল । ইলোৰাই যথাসম্ভৱ স্বাভাৱিক হৈ যাৱতীয় কামখিনি সামৰি ৰিচিপ্ট বুকটো উলিয়াই ল'লে আৰু ছোৱালীজনীৰ নামটো সুধিলে । তাই কেৰাহিকৈ মানুহজনৰ ফালে চালে । তেওঁ মূৰ দুপিয়াই হাঁহি দিয়াত তাই গৰ্বিত ভংগীমাৰে ক'লে ইনকে নাম হী লিখ দিজিয়ে!
ৰাজবীৰ অগ্ৰৱাল!!

ইলোৰাই ৰাজবীৰক প্ৰথমে সোমাই আহোঁতেই চিনি পাইছিল । সিও নোপোৱাকৈ থকা নাছিল । আজি অতদিনে কোনোমতে শুকুৱাই লোৱা ঘাঁ ডোখৰ যেন আকৌ এবাৰ ৰক্তাক্ত কৰিবলৈকে সিহঁতহাল আহিল !!

ইলোৰাই টেবুলৰ পৰা চচমাযোৰ তুলি পিন্ধি ল'লে আৰু ৰাজবীৰলৈ চাই স্পষ্ট মাতেৰে ক'লে:টুটেল এমাওন্ট চিক্সটি থাউজেণ্ড ।
ৰাজবীৰে পোণে পোণে তাইৰ চকুলৈ চালে । সি চক্ খাই উঠিল । ইমান দৃঢ়তা আৰু স্থিৰতা সি এসময়ত হত্যা কৰিবলৈ ওলোৱা ইলোৰাৰ চকুত কেতিয়াও দেখা নাছিল ।

⇒ চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in