মই ভাগৰা নাই মা

মই ভাগৰা নাই মা

♦ হিৰন্ময়ী গগৈ কোঁৱৰ

একো টলকিবলৈ নৌ পাওঁতেই এটা পূৰ্ণহতীয়া চৰ তৰালীৰ গালত পৰিল৷ আচম্বিত পৰিস্থিতিটোত নিজকে সামৰিব নোৱাৰি দুপদুপকৈ দৌৰ মাৰি গৈ তাই বিছনাত উবুৰি খাই পৰি উচুপিবলৈ ধৰিলে৷ এইয়া তাই মুঠেও আশা কৰা নাছিল, অন্ততঃ মাকৰ পৰা৷ কোনেও বুজি নাপায় তাইক, কোনেও! কোনো নাই তাইৰ, কোনো নাই! নিজৰ ওপৰতে প্ৰচণ্ড ঘৃণা উপজিল, মৰি থাকিবলৈ মন গ'ল তাইৰ৷

ক্ৰমাৎ ঘন হৈ অহা উচুপনিবোৰে তাইক এসময়ত লেবেজান কৰি পেলালে আৰু এটা সময়ত তাই টোপনিৰ কোলাত ঢলি পৰিল৷

সপোনতে এখন হাত সাপ এটাৰ দৰে তাইৰ গাত বগুৱা বাই অহা যেন পালে , ভয়ত তাইৰ অণ্ঠ-কণ্ঠ শুকাল৷ সৰ্বশক্তিৰে তাই চিঞৰি উঠিল৷ কিন্তু তাইৰ মাত একেবাৰেই নোলাল৷ তাই পলাব খুজিলে, কিন্তু তাই লৰচৰ কৰিব পৰাকৈ শক্তি হেৰুৱাই পেলাইছিল, কিবা এটাই যেন ধৰি ৰাখিছে তাইক৷ খকমককৈ তাই সাৰ পাই বহি দিলে৷

উচুপি উচুপি উখহি উঠা চকুহালে ট' ট'কৈ জ্বলি থকা লাইটৰ পোহৰ সহ্য কৰিব নোৱাৰি মুদি দিলে৷ দুধাৰি চকুলো বৈ আহিল৷ বগুৱা বাই অহা হাতখন মনত পৰাত তাই চিৎকাৰ কৰি উঠিল৷ তাইৰ গালখনৰ ফৰফৰনিটো এতিয়াহে অনুভৱ কৰিলে৷ বাহিৰত তেতিয়া আন্ধাৰ নামিছিল৷

মাক দেউতাকৰ তৰ্কাতৰ্কি তাইৰ কাণত পৰিল৷ বাহিৰলৈ যাব খুজিও তাই ৰৈ গ'ল৷ তাই বুজিলে কাৰ কথা পতা হৈছে৷ তাইৰ সদ্যযৌৱনপ্ৰাপ্ত দেহটোৰ প্ৰতি তাৰ লোলুপ চাৱনি আৰু তাৰ বিষাক্ত স্পৰ্শই তাইক আকৌ এবাৰ লেহন কৰি গ'ল৷

তাইতো নুবুজা নহয়৷ আজি কিমান দিনৰ পৰা কম কম বুলি আজি মাকক কওঁতেই… চকুলো দুধাৰি পুনৰ বৈ আহিল তাইৰ৷ যিকোনো অজুহাত লৈ সিহঁতৰ ঘৰলৈ অহা, হকে-বিহকে সিহঁতক সহায় কৰিবলৈ উন্মুখ হৈ থকা এইবিলাকৰ আঁৰৰ মানুহটোক দেউতাকে পোনচাটেই অস্বীকাৰ কৰিছে, আনকি মাকেও!

মাক দেউতাকৰ কথা কটাকটি চলিয়েই আছে৷ দেউতাকৰ উচ্চ-বাচ্য, মাকৰ চেপা কান্দোন যেন লগা মাতষাৰে তাইৰ বুকুত শেল হৈ বিন্ধিছে৷

"জীয়েৰক চম্ভালিব নোৱাৰ৷"- সচৰাচৰ দিয়াৰ দৰে এইটো অপবাদো মাকক দিয়া দেখি তাইক শোকে খুন্দা মাৰি ধৰিলে৷
"সি এনেকুৱা কেতিয়াও নহয়৷ মোৰ মান-সন্মান সকলো খালে এই!"- দেউতাকৰ মান-সন্মান মৰমৰ কন্যাৰ আবেগ-অনুভূতিতকৈ তীব্ৰ হৈ উঠিল৷
দেউতাকৰ প্ৰতিটো শব্দই এটা এটা পূৰ্ণহতীয়া চৰ হৈ তাইৰ গালত পৰিল৷

চকুৰ পানীৰে তাই গোটেইখন আন্ধাৰ দেখিলে৷ সেইৰাতি তাইৰ তীঁৰকপে জ্বৰ উঠিল৷ তাই মাথো গম পালে মাকে কপালত জলপটি দি থাকিল৷
তিনিদিন ধৰি তাইৰ জ্বৰ নুগুছিল, তাইৰ খবৰ লোৱাৰ চলেৰে সি আহি তাৰ বিষাক্ত স্পৰ্শেৰে তাইক দংশন কৰি গ'ল৷ তাই বৰ দুৰ্বল হৈ পৰিল৷ তাই মাথো চকুলো টুকিলে৷ তাৰ মিঠা কথাত মাক-দেউতাক শৰবিদ্ধ, তাৰ বিৰুদ্ধে একো শুনিবই নোখোজে৷

জ্বৰ এৰাৰ পাছত স্কুললৈ গৈ তাই একোতে মন বহুৱাব নোৱাৰিলে৷ প্ৰায় প্ৰতিদিনেই এনে হবলৈ ধৰিলে৷ শিক্ষক-শিক্ষয়িত্ৰীসকল আচৰিত হ'ল৷ দশম শ্ৰেণীৰ ছাত্ৰীৰ আটাইতকৈ ভাল ছাত্ৰীজনীৰ এনে অমনোযোগিতাৰ বাবে তাই ভৎসৰ্নাৰ সন্মুখীন হ'ল৷ তাই অনুভৱ কৰিলে তাইৰ স্মৃতিশক্তি যেন ক্ৰমান্বয়ে কমি আহিছে, সোনকালেই তাইৰ ভাগৰ লাগে, কথাবোৰ পাহৰি যায়৷ তাইক কিবা এটাই অনবৰত সন্ত্ৰস্ত কৰি ৰাখে৷ সকলো পাহৰি তাই মনোযোগ দিব খুজিলে৷

দেউতাকে তাইক ভালকৈ মাতবোল নকৰা হ'ল, মাকেও অনবৰত তাইক নজৰত ৰখা হ'ল৷ সজাত বন্দী পক্ষী এটিৰ দৰে তাই চটফটাই থাকিল৷ মেট্ৰিকত তাই কোনোমতে দ্বিতীয় বিভাগ পালে৷ সকলো আচৰিত হ'ল, সকলোতে বু-বু, বা-বা চলিল৷ তাই আচৰিত হোৱা নাছিল৷ তাইৰ যে কথাবোৰ মনত নাথাকে, সোনকালেই ভাগৰ লাগে৷

তৰালীৰ সহপাঠীবিলাক, যিবিলাকৰ আগত তাইক উদাহৰণ হিচাপে দেখুওৱা হৈছিল, সিহঁতৰ বহুতেই তাইতকৈ ভাল ৰিজাল্ট কৰিলে৷ বিদ্যালয়ত সিহঁতক সম্বৰ্ধনা জনোৱা হ'ল৷ সকলোৰে চকুত তাই এলাগী হৈ পৰিল৷

এদিন সকলো কথা পোহৰলৈ আহিল, কিন্তু তেতিয়ালৈ বহু দেৰি হৈ গৈছিল৷ তৰালীৰ মৃতপ্ৰায় কিশোৰী শৰীৰটোৰ কাষত কীটনাশকৰ পেকেট এটা পোৱা গ'ল৷ চাৰিওফালে হুৱাদুৱা লাগিল৷ মাকে কান্দি-কাটি হুলস্থূল লগালে৷ সকলোৱে দৌৰাদৌৰি লগালে৷

দীঘলীয়া চিকিৎসা আৰু উৎকণ্ঠাৰ অন্তত তাই ঘৰলৈ উভতিছিল৷ জীৱনটো ঘূৰাই পাইছিল তাই, কিন্ত কীটনাশকে তাইৰ স্বৰতন্ত্ৰ নষ্ট কৰি পেলাইছিল৷ সেইদিনা কাগজ এখনত তাইৰ গোট-গোট হাতৰ আখৰকেইটামান পোৱা গৈছিল, "মই ভাগৰা নাই মা৷ মই ভাগৰা নাই মা৷"

⇒ চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in