গাঁৱৰে জীয়ৰী ৰহদৈ পেহীটি

গাঁৱৰে জীয়ৰী ৰহদৈ পেহীটি

♦ জোনালী বৰা শইকীয়া

হঠাতে অঘটনটো ঘটিল। ৰহদৈ পেহীয়ে ৰাঙলী গাইজনীৰ গাখীৰ খীৰাওতে লথিয়াই দিলে। সন্মুখৰ দাঁত এটা ভাঙিল।

গোটেই চুবুৰীত তোলপাৰ লাগিল, বিয়ালৈ হাতত মাথো পষেক বাকী। এই সময়ত এনে অমংগল। তাতে ৰহদৈৰ বিয়াৰ বয়সো পাৰ হওঁ হওঁ। ভাগ্যৰ বলত দৰা এজন যোগাৰ হৈছিল। এতিয়া কি কৰা যায়, সকলো বিবুদ্ধিত পৰিল।

উপায় ওলাল। চহৰলৈ নি গাৱঁৰে ৰচকী বায়ে দাঁত লগাই দিলে। খৰছ এগালমান হ'ল, হ'লেও সকলোৱে স্বস্তিৰ নিশ্বাস এৰিলে। বিয়াখন সুকলমে হৈ গ'লেই হ'ল আৰু।

বিয়া হৈ ৰহদৈ গাঁৱৰ সকলোকে কন্দুৱাই, শুভকামনা লৈ চন্দ্ৰকুমাৰৰ সৰু বোৱাৰী হ'লগৈ। বিয়াৰ সকলো নীতি নিয়মো এসময়ত শেষ হ'ল, পিছে পেহীটিৰ বুকুত ভয় এটাই দুৰু দুৰুকৈ কপাই থাকিল! দাঁত এটা যে লগোৱা আছে।

সময় পাৰ হ'ল কণমানি তৰাই ৰহদৈৰ কোলা শুৱনি কৰিলে। আদৰতে ৰহদৈ আৰু গিৰিয়েকে মাতে আইজনী বুলি। ৰক্ষণশীল চিন্তাধাৰাৰ শহুৰেকে ঘৰৰ বোৱাৰী-জীয়ৰীক ঘৰতে গাধোৱা ঘৰৰ ব্যৱস্থা কৰি দিছিল।

বহাগৰ বিহুৰ দিনা গাৱঁৰ ছোৱালী-বোৱাৰী মিলি হালধি সনা নিয়ম। সকলোৱে একেলগে নদীত গা ধুবলৈও যায়। ৰহদৈয়ে শাহুৱেকৰ কোলাত আইজনীক থৈ লগেভাগে নদীলৈ গ'ল। নদীৰ বুকুত সাতুৰি-নাদুৰি ডাঙৰ হোৱা ৰহদৈ নদী দেখি ৰ'বই নোৱাৰিলে। থিয় সাঁতোৰ, চিলনী সাঁতোৰ দি বুৰ মাৰি মাৰি গা ধুলে।

পাৰত উঠিহে থৰ লাগিল ৰহদৈ। বুৰ মাৰোতে দাঁততো পানীত…! পুনৰ ঘূৰি পানীত জাপ দিলে, সম্ভৱপৰ ঠাইত, বুৰ মাৰি নদীৰ পানীৰ তলত বিচাৰি বিচাৰি দাঁততো নাপালে।

চিন্তাত ৰহদৈ বাউলী হ'ল। গিৰিয়েকে যদিহে ঘৰৰ পৰা উলিয়াই দিয়ে…! ৰাতি শোৱাৰ পৰত ননন্দ বীণা আহি শোৱনি কোঠাত কথা পাতি থকা দেখি গিৰিয়েকে শুধিলে- কি হ'ল অ'আজি তহঁতৰ? শুবলৈ মন নাই নেকি? কথাৰ মহলা মাৰি আছ যে এনেকৈ?

ৰহদৈৰ অৱস্থা তেতিয়া 'ফাঁট মেলা বসুমতী পাতালে লুকাও' যেন অৱস্থা। বীণা কোঠাৰ পৰা ওলাই গুছি গ'ল। যাওঁতে নবৌৱেকক সাৱটি সোতসোতাই গ'ল।

ভয়ে ভয়ে ৰহদৈয়ে সকলো ক'লে। শুনি গিৰিয়েকে মাথো কলে-'শুই থাক, কাইলৈ ৰাতিপুৱা চহৰলৈ নি দাঁত এটা লগাই দিম'।
আচৰিত হৈ ৰহদৈয়ে ক'লে, 'মই ভাবিছিলো মোক আইৰ ঘৰলৈ পথাই দিব বুলি…'।

: মই বিয়াৰ আগতেই তোৰ লগোৱা দাঁতৰ কথাটো জানো। পিতাই এদিন মাতি নি সকলো কথা কৈছিল, তই মনত দুখ পাবি বুলিহে মই নজনাৰ ভাও ধৰি আছিলো।- কথাষাৰ শুনি ৰহদৈ উচুপি উঠিল। গিৰিয়েকৰ ভৰিত সেৱা এটি ল'লে।

: যা যা শুই থাকগৈ চিঞৰ বাখৰখন নকৰ, আইজনীয়ে সাৰ পাব লাগিলে আজি আৰু শোৱা নহ'ব। -এই বুলি কৈ মূৰত হাতখন ফুৰাই দিলে সীমাহীন চেনেহেৰে।

ৰহদৈয়ে আঠুৱাখন দাঙি আইজনীৰ কাষতে শুই পৰিল। এটি প্ৰশান্তিৰ উশাহ লৈ ৰহদৈয়ে ভাবিলে, 'ভালেই হ'ল আজি দাঁতটো হেৰাল। বুকুৰ পৰা গধুৰ শিল এটাহে যেন আতৰিল!'

⇒ চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in