‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ ‘সাহিত্য সন্ধান’ শীৰ্ষক চুটি গল্প প্ৰতিযোগিতালৈ অভূতপূৰ্ব সঁহাৰি

‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ ‘সাহিত্য সন্ধান’ শীৰ্ষক চুটি গল্প প্ৰতিযোগিতালৈ অভূতপূৰ্ব সঁহাৰি

ডিজিটেল ডেস্কঃ 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে আয়োজন কৰা চুটি গল্প প্ৰতিযোগিতাৰ ধাৰাবাহিকতা অব্যাহত আছে। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই প্ৰতিযোগিতাত কেইবা শতাধিক গল্পকাৰে অংশ লৈছে। বছৰজুৰি এই প্ৰতিযোগিতা অব্যাহত থাকিব।

প্ৰেৰণ কৰা গল্পসমূহৰ মাজৰ পৰা নিৰ্বাচিত দুটা গল্প প্ৰতি সপ্তাহত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশ কৰি থকা হৈছে। মাহেকৰ মূৰত নিৰ্বাচিত ৩ টা গল্প 'অসমীয়া প্ৰতিদিন'ৰ দেওবৰীয়া আলোচনী 'সম্ভাৰ'ত প্ৰকাশ কৰা হয়। এই গল্প প্ৰতিযোগিতাত আপুনি অংশ ল'ব পাৰিব।

মাহেকত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত চুটি গল্প কেইটা নিৰ্বাচন কৰা হয় ৰাজ্যৰ বিশিষ্ট সাহিত্যিক আৰু গল্পকাৰেৰে গঠিত এক জুৰিয়ে। প্ৰতি মাহত স্থানপ্ৰাপ্ত গল্পকাৰসকলক পুৰস্কৃত কৰাৰো ব্যৱস্থা আছে। সময়ত সেই সকল গল্পকাৰক এই বিষয়ে জনোৱা হ'ব। বছৰৰ অন্তত এই চুটি গল্প প্ৰতিযোগিতাৰ পুৰস্কৃত গল্পসমূহৰ এক নিৰ্বাচিত সংকলন প্ৰকাশৰ দিহা কৰা হৈছে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে আয়োজন কৰা 'সাহিত্য সন্ধান' শীৰ্ষক চুটি গল্প প্ৰতিযোগিতাৰ নিয়মীয়াৱলীসমূহ তলত উল্লেখ কৰা হৈছে-

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in