বিশিষ্ট কবি, সাহিত্যিক কপূৰ চান্দ জৈনক বাসুদেৱ জালান সোঁৱৰণী বঁটা, ২০২০ প্ৰদান

বিশিষ্ট কবি, সাহিত্যিক কপূৰ চান্দ জৈনক বাসুদেৱ জালান সোঁৱৰণী বঁটা, ২০২০ প্ৰদান

ডিজিটেল ডেস্কঃ শুকুৰবাৰে বিশিষ্ট কবি, সাহিত্যিক কপূৰ চান্দ জৈনক অসম সাহিত্য সভাই প্ৰদান কৰে বাসুদেৱ জালান সোঁৱৰণী বঁটা, ২০২০। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত আয়োজিত এক অনুষ্ঠানত তেওঁক প্ৰদান কৰা হয় এই বঁটা। সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানত জৈনক প্ৰদান কৰা এই বঁটাত আছে এখন চেলেং, সম্বৰ্ধনা পত্ৰ, স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু ২১ হাজাৰ টকা।

কপূৰ চান্দ জৈনে বঁটা গ্ৰহণ কৰি কয়, জালান সোঁৱৰণী বঁটা লাভ কৰি মই মোৰ জীৱনৰ সাৰ্থকতা অনুভৱ কৰিছো। অসমতে জন্ম হৈ, অসমৰে বায়ু-পানী-মাটিতে ডাঙৰ হৈ অসমৰে এজন হৈ জীৱন কটাইছোঁ। অসমবাসীৰ ভাগ্যৰ লগতে নিজৰ ভাগ্যও মিলাই দিছো। অকপটে বা স্বতঃস্ফূৰ্তভাৱে অসমৰ ভাষা-সাহিত্য-সংস্কৃতিক নিজৰ বুলি গ্ৰহণ কৰিছো। অসম সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানে প্ৰদান কৰা এই বঁটা গ্ৰহণ কৰি কিমান আনন্দ লাগিছে বুজাব নোৱাৰো।

তেখেতে লগতে কয়, অসমীয়া ভাষাৰ প্ৰতি সৰুৰে পৰা দুৰ্বলতা আছে। মই মাৰুৱাৰী হৈয়ো এজন অসমীয়া। লগতে তেখেতে উদ্বেগ প্ৰকাশ কৰি কয়, এতিয়া অসমীয়া সমাজত দেখা দিয়া বিভিন্ন সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে অসমীয়া ভাষাৰ সংকট। সম্প্ৰতি এই সংকট অতিশয় উদ্বেগজনক।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী উপস্থিত থাকে। বিশিষ্ট সাহিত্যিকগৰাকীয়ে উপস্থিত থাকি কয়, জৈনক এনেদৰে বঁটা প্ৰদান কৰা কৰাটো অসমীয়া জাতি সত্বাৰ এক মহৎ উপলব্ধি। আজিৰ দিনটো এক মহৎ দিন। অসমীয়াৰ সংজ্ঞাক লৈ যিটো সময়ত প্ৰশ্ন অৱতাৰণা হৈছে সেই সময়তে এটা সময়ত ৰাজস্থানৰ পৰা অহা কপূৰ চান্দ জৈনক বাসুদেৱ জৈন সোঁৱৰণী বঁটা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে জালান পৰিয়াল। শুকুৰবাৰৰ অনুষ্ঠানটোত অনুৰাধা শৰ্মা পূজাৰীৰ লগতে উপস্থিত থাকে প্ৰতিষ্ঠিত সাহিত্যিক-অনুবাদক ৰবিশংকৰ ৰবি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in