হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰ্থিক দৈন্যতাক নেওচি খুটাবাৰীৰ চাহিল হকৰ সাফল্য

হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰ্থিক দৈন্যতাক নেওচি খুটাবাৰীৰ চাহিল হকৰ সাফল্য

ডিজিটেল সংবাদ, ধূপধৰাঃ প্ৰৱল ইচ্ছাশক্তিয়ে লক্ষ্যস্থানত উপনীত হোৱাৰ সকলো বাধা আঁতৰাই লক্ষ্যস্থানৰ পথ যে মসৃন কৰি তোলে সেই কথাই প্ৰমাণিত হ'ল গোৱালপাৰা জিলাৰ ধূপধৰাৰ খুটাবাৰীৰ এগৰাকী মেধাৱী ছাত্ৰৰ ক্ষেত্ৰত৷ দৰিদ্ৰতাৰ হেঙাৰ নেওচি শিক্ষাৰ দিশত সফলতা লাভৰ প্ৰবল ইচ্ছাশক্তিৰে সফলতা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে চাহিল হক নামৰ মেধাৱী ছাত্ৰগৰাকীয়ে৷

খুটাবাৰী হাইস্কুলৰ ছাত্ৰ তেলিপাৰা গাঁৱৰ নিৱাসী চাহিল হক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বুধবাৰে ঘোষিত ফলাফলত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি মুঠ ৫২৩ নম্বৰেৰে ৮৭.১৬ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢিয়াই আনিছে৷ চাহিল হকে অসমীয়া বিষয়ত ৮৫, ইংৰাজী বিষয়ত ৯০, সাধাৰণ গণিতত ৮৪, সাধাৰণ বিজ্ঞানত ৮৮, সমাজ বিজ্ঞানত ৮৯ আৰু ঐচ্ছিক হিন্দী বিষয়ত ৮৫ নম্বৰ লাভ কৰে৷

খুটাবাৰীৰ ফাৰমান আলী আৰু চাহেৰা বিবিৰ সন্তান চাহিল হকৰ এই সফলতাৰ খবৰ বিয়পি পৰাৰ লগে লগে শুভাকাংক্ষী লোকসকলে তেওঁৰ বাসগৃহলৈ গৈ তেওঁৰ এই সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷ আৰ্থিক অনাটনৰ মাজেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা লাভ কৰা চাহিল হকৰ পিতৃ দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দিয়াৰ বিপৰীতে মাতৃ চাহেৰা বিবিও ৰোৱনী হিচাপে আনৰ খেতিত ধান ৰুই পোৱা ধনেৰে পৰিয়ালটো চলোৱাত সহায় কৰি আহিছে৷

কোনোমতে দুবেলি দুমুঠি খাই জীৱন নিৰ্বাহ কৰা এই দম্পত্তিহালৰ সন্তানৰ এনে সফলতাত পিতৃ-মাতৃ আনন্দত আত্মহাৰা হৈ পৰিছে৷ ইফালে আৰ্থিক দৈন্যতাৰ পৰা কিছু সকাহ দিবলৈ মেধাৱী সন্তান চাহিল হকক গাঁৱৰে একাংশ সুহৃদয়বান ব্যক্তিয়ে পৰৱৰ্তী সময়ৰ শিক্ষাৰ বাবে প্ৰয়োজনীয় কিছু আৰ্থিক সাহায্য আগবঢ়োৱা বুলি জানিব পৰা গৈছে৷ আৰ্থিক অনাটনৰ মাজতে চাহিল হকৰ এই সফলতাত স্বাভাবিকতে উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে বিদ্যালয়ৰ শিক্ষকবৃন্দ তথা অঞ্চলবাসী ৰাইজ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in