হকাৰসকলক খাদ্য সামগ্ৰী বিতৰণ মঙলদৈৰ চহৰীয়া পেপাৰ এজেন্সিৰ, VIDEO

হকাৰসকলক খাদ্য সামগ্ৰী বিতৰণ মঙলদৈৰ চহৰীয়া পেপাৰ এজেন্সিৰ, VIDEO

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশত ঘোষণা কৰা লকডাউনৰ বাবে দেশৰ আন প্ৰান্তৰ লগতে অসমতো বাতৰি কাকতৰ প্ৰচলন হ্ৰাস পাইছে। যাৰ বাবে অসুবিধাত পৰিছে হকাৰসকল। কাৰণ তেওঁলোকে দৈনন্দিন বাতৰি কাকত বিতৰণ কৰি লাভ কৰা ধনেৰে ঘৰ চলাই। তেনেস্থলত আৰ্থিক সংকটত পৰা একাংশ হকাৰলৈ খাদ্য সামগ্ৰী যোগান ধৰিছে মঙলদৈৰ চহৰীয়া পেপাৰ এজেন্সিয়ে।

এজেন্সিটোৰ হকাৰসকলৰ লাভাংশ পূৰ্বৰ তুলনাত কমি গৈছে। যাৰ বাবে স্বত্বাধিকাৰী ৱাহিদুৰ ৰহমান চহৰীয়া আৰু কৰ্মচাৰীসকলে নেতৃত্ব লৈ নিজা ধনেৰে হকাৰসকলক বিতৰণ কৰে খাদ্য সামগ্ৰী। উল্লেখ্য যে, নানা অসুবিধাত পৰিও হকাৰসকলে ৰাইজক বাতৰি কাকত যোগান ধৰি আহিছে।

উল্লেখ্য যে, হকাৰসকলে জানিবলৈ দিয়া অনুসৰি কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে তেওঁলোকে বিতৰণ কৰা বাতৰি কাকতৰ সংখ্যা পূৰ্বৰ তুলনাত কমি গৈছে। কিন্তু ৰাইজৰ কাকতৰ যোগান ধৰাৰ বাবে তেওঁলোকে লোৱা দায়িত্ব যিকোনো অসুবিধাৰ সন্মুখীন হৈওঁ চলাই নিব বুলি সদৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in