মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত ত্ৰয়োদশ আৰক্ষী বাহিনীৰ চাফাই অভিযান

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত ত্ৰয়োদশ আৰক্ষী বাহিনীৰ চাফাই অভিযান

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ এখন নিকা সমাজ, আৰক্ষী আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক অটুট ৰখা, জনহিতাৰ্থে, জনসেৱাৰ্থে গঠিত অসম আৰক্ষীৰ ত্ৰয়োদশ আৰক্ষী বাহিনীৰ লখিমপুৰৰ লিলাবাৰিস্থিত প্ৰশিক্ষণ শিবিৰৰ ৫২ জনীয়া এটা আৰক্ষীৰ দলে সোমবাৰে বন্দুক এৰি হাতত ঝাৰু, দা, কোৰ লৈ দিনজোৰা কাৰ্যসূচীৰে চাফাই অভিযান চলালে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেপুখুৰীত।

ত্ৰয়োদশ অসম আৰক্ষীৰ দ্বিতীয় অধিনায়ক ৰ'জি ৰাণী শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে পৱিত্ৰ জন্মস্থানখনৰ চৌহদত থকা হাবি-জংঘল কাটি পৰিস্কাৰ কৰি ভকত-বৈষ্ণৱ সকলৰ সুবিধা হোৱাৰ লগতে জন্মস্থানখন সুন্দৰকৈ ৰখাৰ উদ্দেশ্যে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে এই কাৰ্যসূচী ৰূপায়ণ কৰে।

ইয়াৰ জৰিয়তে আৰক্ষীৰ লোকসকলো যে মানুহৰ মাজৰ এজন আৰু ৰাইজৰ বাবেই তেওঁলোক আৰু লগতে সমাজৰ মাজত কমি অহা সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্য আগত ৰাখি বন্ধ বাৰত জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত এই কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে বুলি অধিনায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

ইতিমধ্যে বিগত দেওবাৰে তেওঁলোকে লীলাবাৰী বজাৰৰ কদৰ্য পৰিবেশ বহু পৰিমাণে নিকা কৰে বুলি জানিবলৈ দিয়ে। আনহাতে পৰৱৰ্তী দিনটো তেওঁলোকে জিলাখনৰ বিভিন্ন বিদ্যালয়, চিকিৎসালয়ৰ চৌহদৰ লগতে ৰাজহুৱা স্থানত এই চাফাই কাৰ্য্যসূচী ৰূপায়ন কৰি যাব বুলিও উল্লেখ কৰে। অসম আৰক্ষী দলটোৰ এই মহান পদক্ষেপক আদৰণি জনাইছে জন্মস্থান পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in