বিশিষ্ট লোক সংস্কৃতিৰ সাধক বীৰেন্দ্ৰ দত্ত-তেখেতৰ পত্নী অসুস্থঃ পৰিচৰ্যাৰ বাবে নাৰ্ছৰ ব্যৱস্থা সাদিন-প্ৰতিদিন গোষ্ঠীৰ…

বিশিষ্ট লোক সংস্কৃতিৰ সাধক বীৰেন্দ্ৰ দত্ত-তেখেতৰ পত্নী অসুস্থঃ পৰিচৰ্যাৰ বাবে নাৰ্ছৰ ব্যৱস্থা সাদিন-প্ৰতিদিন গোষ্ঠীৰ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ দীৰ্ঘদিনে অসুস্থ হৈ শয্যাশায়ী হৈ আছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক ডঃ বীৰেন্দ্ৰ নাথ দত্ত। লকডাউনৰ সময়চোৱাত সাদিন-প্ৰতিদিন গোষ্ঠীৰ জনসংযোগ অভিযানৰ অংশস্বৰূপে বিশিষ্ট সাহিত্যিকগৰাকীৰ খবৰ লবলৈ গৈছিল অসমীয়া প্ৰতিদিনৰ এটা প্ৰতিনিধি দল। অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰো বুজ লয়।

উল্লেখ্য যে, বিশিষ্ট সাহিত্যিকগৰাকীৰ পত্নীও বৰ্তমান শয্যাগত। ডঃ বীৰেন্দ্ৰ নাথ দত্তক পৰিচৰ্যা কৰোতে তেখেতৰো ককাঙ ভঙাত বৰ্তমান বিচনাতে জিৰণি লৈ থাকিব লগা হৈছে। সেয়েহে বীৰেন্দ্ৰ নাথ দত্তক পৰিচৰ্যা কৰাৰ বাবে এগৰাকী প্ৰশিক্ষিত নাৰ্ছ বা ধাতৃৰ আৱশ্যকতাৰ কথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তক অৱগত কৰে। এই জটিল সময়ত মানুহে খবৰ লবলৈ আহিব নোৱাৰাৰ বাবে যথেষ্ট নিঃসংগ অনুভৱ কৰা বুলিও ডঃ বীৰেন্দ্ৰ নাথ দত্তৰ পত্নীয়ে জানিবলৈ দিয়ে।

অসমীয়া প্ৰতিদিনৰ হৈ প্ৰকাশ মহন্তই বীৰেন্দ্ৰ নাথ দত্তৰ সহধৰ্মিনীক মাস্ক, ছেনিটাইজাৰ, গামোচাৰে সম্বোধন কৰাৰ লগতে তেখেতে সন্মুখীন হোৱা সমস্যাৰ সমাধান ২-৩ দিনৰ ভিতৰত সাদিন-প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা কৰি দিয়াৰ বিষয়ে কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, সম্প্ৰতি বীৰেন্দ্ৰ নাথ দত্ত আৰু তেখেতৰ পত্নী শয্যাগত।

অলপতে পৰি দুখ পোৱাৰ বাবে দত্তই ভৰি আৰু ককালত যথেষ্ট আঘাট পায়। ইফালে তেখেতক পৰাৰ পৰা উঠাবলৈ যাওঁতে সহধৰ্মিনীয়েও ককালত বহু কষ্ট পোৱাৰ ফলত বিগত প্ৰায় এমাহ ধৰি দুয়ো একপ্ৰকাৰ শয্যাগত হৈ আছে। এগৰাকী সাধাৰণ পৰিচাৰিকাই দিনৰ ভাগত আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ পুত্ৰ লংনিত তেৰাঙে নিশাৰ ভাগত খবৰ ৰাখিব পৰাকৈ এগৰাকী ব্যক্তিক নিয়োগ কৰিছে যদিও দুয়োৰে পৰিচৰ্যা তথা শুশ্ৰষাৰ বাবে এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত শুশ্ৰষাকাৰিনীৰ প্ৰয়োজন।

ইফালে অসমীয়া প্ৰতিদিনৰ জনসংযোগ অভিযানৰ অংশস্বৰূপে মঙলবাৰে গুৱাহাটীৰ বিশিষ্ট শিল্পী কুল বৰুৱা, বিশিষ্ট ইতিহাস তথা ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকা আৰু তেখেতৰ সহধৰ্মিনী, সুধাকণ্ঠৰ ভাতৃ তথা জ্যেষ্ঠ শিল্পী সমৰ হাজৰিকা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট চিকিৎসক ডাঃ আৰ এন পাঠক আদিৰ ঘৰলৈ গৈও গোষ্ঠীটোৰ প্ৰতিনিধি ক্ৰমে প্ৰকাশ মহন্ত, মৃদুল সন্দিকৈ আৰু ৰূপ ফুকনে তেখেতসকলৰ স্বাস্থ্যৰ বুজ লয়।

সকলোকে একোখনকৈ গামোচা, হেণ্ড ছেনিটাইজাৰ আৰু গামোচাৰে প্ৰস্তুত কৰা মাস্কো প্ৰদান কৰা হয়। এই জনসংযোগ অভিযানৰ সময়ত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাইও ফোনযোগে বিশ্বেশ্বৰ হাজৰিকা প্ৰমুখ্যে আনসকলৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰি স্বাস্থ্যৰ খবৰ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in