১০ ডিচেম্বৰত স্বাধীনতা দিৱস কাপ ফুটবলঃ কেৰালা ইউনাইটেড ফুটবল ক্লাব ফাইনেলত…

১০ ডিচেম্বৰত স্বাধীনতা দিৱস কাপ ফুটবলঃ কেৰালা ইউনাইটেড ফুটবল ক্লাব ফাইনেলত…

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ ঐতিহ্যমণ্ডিত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাত প্ৰথম বাৰৰ বাবে অংশগ্ৰহণ কৰা কেৰালা ইউনাইটেড ফুটবল ক্লাবে নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা ৭৩ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

প্ৰতিযোগিতাখনৰ বুধবাৰে নৈশ পোহৰত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলখেলত কেৰালা দলে অসম পুলিচ ব্লু দলক ২ – ১ গ'লত পৰাস্ত কৰে। প্ৰতিদ্বন্দিতামূলক খেলখনত পুলিচ ব্লু দল অজয় বাক্লাই ৪০ মিনিটত দিয়া গ'ল যোগে বিৰতিৰ সময়লৈ ০ – ১ গ'লত আগ বাঢ়ি আছিল। বিৰতিৰ পাছত কেৰালা দলৰ জেছিনে ৬২ আৰু ৭১ মিনিটত গ'ল দি নিজ দলৰ জয় নিশ্চিত কৰে।

বুধবাৰে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে কেৰালা দলৰ জেছিনে। প্ৰতিযোগিতাখনৰ বৃস্হস্পতি বাৰে কোনো খেল নাই। অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা ফাইনেল খেলত কেৰালা ইউনাইটেড ফুটবল ক্লাৱে খেলিব অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, গুৱাহাটী দলৰ বিৰুদ্ধে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in