সঞ্জয় দত্তক লগত লৈ নতুন উদ্যমৰে চিনেমা জগতত মহেশ ভাট্টৰ পৰিয়াল

সঞ্জয় দত্তক লগত লৈ নতুন উদ্যমৰে চিনেমা জগতত মহেশ ভাট্টৰ পৰিয়াল

ডিজিটেল ডেস্কঃ বহুদিনৰ বিৰতিৰ মুৰত বলিউডত একেলগে কাম কৰিব ভট্ট পৰিয়ালে। সুদীৰ্ঘ ২৭ বছৰৰ পাছত মহেশ ভট্টৰ 'চড়ক' নামৰ ছুপাৰহিট ছবিখনৰ নিমাৰ্ণ হ'ব ৰিমে'ক, নাম 'চড়ক-২'।

ছবিখনত একেলগে কাম কৰিব পিতৃ মহেশ ভট্টৰ লগতে তেওঁৰ দুই কন্যা পূজা ভট্ট আৰু আলিয়া ভট্টে। ২০২০ চনত মুক্তি পাবলগীয়া এই ছবিখনত সঞ্জয় দত্ত আৰু আদিত্য ৰায় কাপুৰেও অভিনয় কৰিব। যোৱা ২০ ছেপ্তেম্বৰত হৈ যোৱা মহেশ ভট্টৰ জন্মদিনত ছবিখনৰ আনুষ্ঠানিক ঘোষণা কৰা হয়।

বহুদিনৰ বিৰতিৰ মুৰত এই ছবিখনৰ জৰিয়তেই অভিনয়জগতত খোজ পেলাব পূজা ভট্টে। উল্লেখ্য যে,১৯৯১ চনত মুক্তি পোৱা চড়ক ছবিখনে দৰ্শকৰ পৰা বিপুল সহাঁৰি লাভ কৰিছিল। ছবিখনত মুখ্যচৰিত্ৰত অভিনয় কৰিছিল সঞ্জয় দত্ত আৰু পূজা ভট্টে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in