বকোত জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল…

বকোত জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল…

ডিজিটেল সংবাদ ছমৰীয়া: ৰাভা জনগোষ্ঠীৰ জাতীয় উত্তোৰণৰ স্বাৰ্থত সংগ্ৰাম কৰি বিকাশ সাধন কৰা জননেতা সব্যসাচী ৰাভাৰ বিংশ বাৰ্ষিকী মৃত্যু তিথি পালনৰ লগত সংগতি ৰাখি বিগত বছৰবোৰৰ দৰে এই বৰ্ষও আয়োজন কৰা হৈছে ফুটবল প্ৰতিযোগিতা। কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ফুটবল প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত এই বৰ্ষত আয়োজন কৰা হৈছিল নৱম বাৰ্ষিক ফুটবল প্ৰতিযোগিতা।

উল্লেখ্য যে,যোৱা ২৮ নৱেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ফুটবল প্ৰতিযোগিতা খনৰ আজি চূড়ান্ত খেল।খেল খন একাদিক্ৰমে পৰিচালনা হোৱাৰ পিছত আজি চূড়ান্ত খেলত প্ৰতিদ্বন্দিতা কৰে ফৰ ষ্টাৰ হেলপিং চোছাইটি ফুটবল দ'ল(আহোমগাওঁ)বনাম বকো ফুটবল দলে।প্ৰকাশ্য যে,দিনৰ দুই বজাত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হোৱা খেলৰ আগে আগে শতাধিক বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি, সন্মানীয় অতিথি, খেল পৰিচালক আৰু বিচাৰকক সম্বৰ্ধনা জনোৱা হয়।

খেলখনৰ উদ্যোক্তা নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ সভাপতি অজিত ৰাভা আৰু সম্পাদক নমল কুমাৰ ৰাভাৰ লগতে এইবেলিৰ খেল পৰিচালনা সমিতিৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা আৰু সম্পাদক জগন্নাথ ৰাভাই জনোৱা মতে খেল খন সম্পূৰ্ণ আনুষ্ঠানিকতা ৰক্ষা কৰি ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি শুভাৰম্ভ কৰে আৰু ৰাভা হাছংৰ সব্যসাচী ৰাভা সোঁৱৰণী ফুটবলৰ থীম চং সহ নৃত্য প্ৰদৰ্শন কৰা হয় তথা ৰাভা জাতীয় সংগীত পৰিবেশন কৰা হয়।

ইফালে তীব্ৰ উত্তেজনাপূৰ্ণ খেলৰ অন্তত বকো ফুটবল একাদশে প্ৰতিদ্বন্দী দল ফ'ৰ ষ্টাৰ হেলপিং চোছাইটি ফুটবল দলক ৩-০ গলত পৰাস্ত কৰে। খেল সমাপ্ত হোৱাৰ লগে লগে খেলখন সুকলমে পৰিচালনা কৰাই নিয়াৰ বাবে ৰেফাৰীসকলক একোখনকৈ জাতীয় পাজাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতে চূড়ান্ত খেলখনৰ প্ৰথম পুৰস্কাৰ প্ৰাপ্ত বকো ফুটবল দলক ৫০ হাজাৰ টকাৰ এখন চেক আৰু এটা ট্ৰফী আৰু দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত ফৰষ্টাৰ হেলপিং চচাইটি দলটিক ৩৫ হাজাৰ টকাৰ চেক এখনৰ লগতে এটা ট্ৰফী প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in