এ টি এমৰ ভিতৰত থকা ডকাইতলৈ চবুৱা আৰক্ষীৰ গুলী…

এ টি এমৰ ভিতৰত থকা ডকাইতলৈ চবুৱা আৰক্ষীৰ গুলী…

ডিজিটেল ডেস্কঃ ৰাজ্যত এটাৰ পিছত আন এটাকৈ সংঘটিত হৈ আছে আৰক্ষীৰ গুলীচালনা কৰাৰ ঘটনা। এইবাৰ ডিব্ৰুগড়ত আৰক্ষীয়ে চলালে গুলী। ডিব্ৰুগড় জিলাৰ চাবুৱাত পুৱতি নিশা ডকাইতলৈ লক্ষ্য কৰি চলালে গুলী।

পুৱতি নিশা চাবুৱাৰ এম ই এছ তিনিআলিত থকা এটিএম ডকাইতিৰ বাবে আহিছিল ডকাইতটো। ইয়াৰ পিছতে ডকাইতটোৱে এ টি এম ভঙাৰ চেষ্টা কৰিছিল। তেনে সময়তে আৰক্ষী আহি উপস্থিত হয় আৰু আৰক্ষীয়ে ডকাইতটোলৈ লক্ষ্য কৰি গুলী চালনা কৰে। ফলত আৰক্ষীৰ গুলীত আহত হয় ডকাইতটো।

ইয়াৰ পিছতে আহত ডকাইতটোক চাবুৱাৰ আৰক্ষীয়ে এ এম চি এইছত ভৰ্তি কৰে। বৰ্তমান এ এম চি এইছতে চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ ডকাইতটো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in