প্ৰতিবাদকাৰীৰ বাধা, সাবৰিমালা মন্দিৰত প্ৰৱেশ সম্ভৱ হোৱা নাই মহিলাৰ

প্ৰতিবাদকাৰীৰ বাধা, সাবৰিমালা মন্দিৰত প্ৰৱেশ সম্ভৱ হোৱা নাই মহিলাৰ

ডিজিটেল ডেস্কঃ কেৰালাৰ সবৰিমালা মন্দিৰত দৰ্শনাৰ্থীৰ বাবে দুৱাৰ খোলা তিনি দিন হ'ল। কিন্তু এতিয়ালৈকে মন্দিৰৰ ভিতৰত কোনো এগৰাকী মহিলা প্ৰৱেশ কৰিব পৰা নাই। তিনিওদিনে মন্দিৰৰ ভিতৰত মহিলা প্ৰৱেশৰ বিৰোধিতাৰে বিভিন্ন হিন্দু দল-সংগঠনৰ উপৰিও স্থানীয় মহিলা তথা ভক্তসকলে মন্দিৰৰ চাৰিও কাষ ঘেৰি ৰাখিছে।

তাৰমাজতে শুকুৰবাৰে পুৱা এক ঘটনাই পুনৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে। আৰক্ষীয়ে হেলমেট পিন্ধাই দুগৰাকী মহিলাক মন্দিৰৰ দিশে লৈ গৈছিল। তেওঁলোকক বাধা দিবলৈ প্ৰতিবাদকাৰী সকলে যথেষ্ট উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলৰ ৰূপ দেখি আৰক্ষীয়ে আধা বাটৰ পৰাই দুয়োকে ঘূৰাই লৈ যায়।

মন্দিৰৰ সমীপত পাইছিলগৈ যদিও এই দুই মহিলা সবৰিমালা মন্দিৰত প্ৰৱেশ কৰাত ব্যৰ্থ হয়। এইদৰে মন্দিৰত প্ৰৱেশৰ বাবে আৰক্ষীৰ সহযোগত যোৱা মহিলা দুগৰাকীৰ ভিতৰত আছিল সাংবাদিক কবিতা ঝাকাল। তেওঁ হায়দৰাবাদৰ ম'জ' টিভিৰ সাংবাদিক। আনগৰাকী আছিল সমাজকৰ্মী ৰাহানা ফাতিমা।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰেও এগৰাকী বিদেশী মহিলাই মন্দিৰত প্ৰৱেশৰ চেষ্টা কৰিছিল। কিন্তু তেওঁকো বাধা দিছিল প্ৰতিবাদকাৰীসকলে। ইফালে, এই মন্দিৰৰ পুৰোহিত গৰাকীয়ে ১০-৫০ বছৰ বয়সৰ মহিলাক মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- পৰম্পৰাক মহিলাসকলে সন্মান কৰা উচিত। ইয়াত মহিলাসকলৰ প্ৰৱেশত কাৰণে বাধা আছে যে, আয়াপ্পা ব্ৰহ্মচাৰী আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in