কোন হ’ব উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ…

কোন হ’ব  উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ…

ডিজিটেল ডেস্কঃ দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যয়াধীশৰ আসনত কোন অধিষ্ঠিত হব। বৰ্তমান মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অৱসৰৰ দিন চমু চপাৰ লগে লগে আৰম্ভ হৈছে পৰৱৰ্তী মুখ্য ন্যয়াধীশৰ কুচকাৱাজ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিভিন্ন খবৰ প্ৰচাৰিত হৈ থকাৰ সময়তে শুকুৰবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ পদৰ বাবে ন্যায়াধীশ শৰদ অৰবিন্দ ববডে ৰ নাম প্ৰস্তাৱ কৰি কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে, এছ এ ব'বডে হৈছে উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। বৰ্তমান মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কাৰ্যকাল অন্ত পৰিব চলিত বৰ্ষৰ ১৭ নৱেম্বৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in