লখিমপুৰত সাংবাদিক পৰাগ ভূঞাৰ ন্যায়ৰ দাবীত অৰ্ধশতাধিক লোক…

লখিমপুৰত সাংবাদিক পৰাগ ভূঞাৰ  ন্যায়ৰ দাবীত অৰ্ধশতাধিক লোক…

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিনৰ লখিমপুৰ সংস্কৰণৰ কাৰ্যালয়ত সাংবাদিক , দল সংগঠনৰ কৰ্মী, বিশিষ্ট ব্যক্তি আদি অৰ্ধশতাধিক লোকে প্ৰতিদিন টাইমৰ সাংবাদিক পৰাগ ভূঞা লৈ শ্ৰদ্ধাঞ্জলি জনায়৷ justice for Porag Bhuyan শ্লগানেৰে সাংবাদিক জনৰ ৰহস্যজনক হত্যাকাণ্ডৰ উচিত তদন্তৰ লগতে দোষীৰ যথোচিত শাস্তিৰ দাবী কৰে৷


জ্যেষ্ঠ সাংবাদিক সুৰজিত ভূঞাই বন্তি প্ৰজ্বলন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্হাৰ বিত্ত সম্পাদক কৃষ্ণ দাস ,এজেৱাইচিপিৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সৌৰভ দাস ,জিলা ছাত্ৰ সন্হাৰ সভাপতি পুলক বৰা ,সম্পাদক ধনমণি দত্ত ,অনুসুচীত জাতী ছাত্ৰ সন্হাৰ হেমকান্ত বণিয়া ,মাছৰ সচিব ৰাজু সিংহ ৰ লগতে উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্হা ,লখিমপুৰ চিটিজেন ফৰাম আদিয়ে প্ৰয়াত সাংবাদিক গৰাকীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in