ৰাছিয়ালৈ ৰাওনা হ’ব বিদেশ মন্ত্ৰী এছ জয়শংকৰ, চীনৰ বিদেশ মন্ত্ৰীৰে বৈঠকত বহাৰ সম্ভাৱনা…

ৰাছিয়ালৈ ৰাওনা হ’ব বিদেশ মন্ত্ৰী এছ জয়শংকৰ, চীনৰ বিদেশ মন্ত্ৰীৰে বৈঠকত বহাৰ সম্ভাৱনা…

ডিজিটেল ডেস্কঃ চীন আৰু ভাৰতৰ সীমা সম্পৰ্কীয় উত্তপ্ত পৰিস্থিতিৰ মাজতে মঙলবাৰে ৰাছিয়া অভিমুখে ৰাওনা হ'ব বিদেশ মন্ত্ৰী এছ জয়শংকৰ। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ ৰাওনা হ'ব বিদেশ মন্ত্ৰীগৰাকী। মস্কোত আয়োজন হ'বলগীয়া শংঘাই সহযোগী সংগঠন চমুকৈ এছচিঅ'ৰ বৈঠকত অংশ ল'ব তেওঁ।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ভাৰতৰ বিদেশী মন্ত্ৰীগৰাকী মস্কোত চীনৰ বিদেশ মন্ত্ৰী ৱাং ৱীইৰ সৈতে এক দ্বিপক্ষীয় বৈঠকত বহাৰ সম্ভাৱনা আছে। এই বৈঠকত সীমা বিবাদৰ ওপৰত আলোচনা কৰা হ'ব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in