শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

১০০ জন ভাৰতীয়ৰ ওপৰত পৰীক্ষা কৰা হ’ব ৰাছিয়াৰ কোভিড ভেকচিন ‘স্পুটিনিক-ভি’, ডিচিজিআইৰ অনুমতি…

511

ডিজিটেল ডেস্কঃ ৰাছিয়ান স্পুটিনিক ভি ভেকছিনটো ভাৰতৰ ১০০জন লোকৰ ওপৰত পৰীক্ষা কৰা হ’ব।শুক্ৰবাৰে ভাৰতীয় কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাৰ ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেলে  ৰুছ সংবাদ সংস্থা স্পুটিনিকক এই কথা অৱগত কৰে। ডিচিআইআইয়ে ফাৰ্মাচিউটিকেল কোম্পানী ড. ৰেড্ডীৰ গৱেষণাপত্ৰ সমূহ পৰীক্ষা কৰিবলৈ অনুমতি প্ৰদান কৰিছে।

অৱশ্যে, পৰীক্ষণৰ তাৰিখ আৰু সময় কোম্পানীটোৱে নিৰ্ধাৰণ কৰিব। সংবাদ সংস্থা স্পুটনিকে ডিচিজিআইৰ উদ্দেশ্যি কয় যে, ৰাছিয়ান ভেকছিন তৃতীয় পৰ্যায়ত প্ৰৱেশ কৰাৰ আগতে দ্বিতীয় পৰ্যায়ত এই পৰীক্ষণ সম্পন্ন কৰা হ’ব।

বিগত সপ্তাহত, ডিচিজিআইৰ বিশেষজ্ঞ সমিতিয়ে ৰাছিয়াল কোভিড-১৯ ভেকছিন-স্পুটনিক ভি ৰ দ্বিতীয় পৰ্যায়ত ভাৰতত পৰীক্ষণৰ অনুমতি দিয়াৰ বাবে ড. ৰেড্ডীৰ গৱেষণাগাৰক পৰামৰ্শ দিছিল। ড০ ৰেড্ডী গৱেষণাগাৰে কয় যে, তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে ১৪০০ স্বেচ্ছাসেৱক প্ৰয়োজন হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি