ৰূপহীহাটৰ বিদ্যুৎস্পৃষ্ট ঘটনাৰ সবিশেষ, VIDEO

ৰূপহীহাটৰ বিদ্যুৎস্পৃষ্ট ঘটনাৰ সবিশেষ, VIDEO

ডিজিটেল ডেস্কঃ ৰূপহীহাটৰ দক্ষিণ খাটোৱালৰ এটা পুখুৰীত বিদ্যুৎস্পৃষ্টৰ ঘটনা সংঘটিত হোৱাৰ পাছত ইতিমধ্যে ঘটনাস্থলীত গৈ উপস্থিত হৈছেগৈ বিদ্যুৎ বিভাগৰ বহুকেইজন উচ্চপদস্থ বিষয়া। পুৱাই সংঘটিত এই ঘটনাত এতিয়ালৈকৈ নিহত হোৱা লোকৰ সংখ্যা ৭জন হৈছেগৈ। ইয়াৰে দুজন শিশু। সেই সময়ত কি পৰিস্থিতি পুখুৰীটোত। এজন প্ৰত্যক্ষদৰ্শীয়ে বন্দী কৰিছিল এই দৃশ্য-

পুখুৰীৰ পাৰতো এজন লোকে মৃত্যুক সাৱটি লৈছিল। জ্বলি গৈছিল এই লোকজনৰ দেহ। কিছুলোকে তেওঁক ৰক্ষা কৰিবলৈ চেষ্টা চলাইছিল যদিও সফল নহ'ল।

এই কাণ্ডৰ পাছতে শোকত ভাঙি পৰিছে আত্মীয়-স্বজন। নগাঁৱৰ চিকিৎসালয়ত চাওঁক কি পৰিস্থিতিৰ সৃষ্ট হৈছিল। আত্মীয়ক হেৰুৱাই চিকিৎসালয়ত শোকত ম্ৰিয়মান এইসকল লোক।

এই ঘটনাৰ অপৰাধী হিচাপে ৰাইজে চিহ্নিত কৰিছে এজন লাইনমেনক। তেওঁৰ নাম ফকৰুল ইছলাম। ৰাইজে কোৱাৰ পাছতো তেওঁ এই বিদ্যুতৰ তাঁৰডালৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ যোগাযোগ কৰা নাছিল বিদ্যুৎ বিভাগৰ সৈতে। সেয়েহে ক্ষোভিত ৰাইজে ভাঙি পেলাই তেওঁৰ ঘৰ-দুৱাৰ।

ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে শক্তিমন্ত্ৰী তপন গগৈ। সমগ্ৰ ঘটনাৰ তদন্ত হ'ব বুলি আশ্বাস দিছে মন্ত্ৰীগৰাকীয়ে। চাওঁক পুখুৰীত কিদৰে লোকসকল বিদ্যুৎস্পৃষ্ট হৈছিল আৰু কেনেদৰে উদ্ধাৰ কৰা হৈছিল লোক কেইজনক। মাছ মাৰিবলৈ পুখুৰীটোত নামিছিল এই লোকসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in