ৰূপহীহাটৰ হাতীপুখুৰীত গা ধুবলৈ গৈ সন্ধানহীন দুজন শ্ৰমিক

ৰূপহীহাটৰ হাতীপুখুৰীত গা ধুবলৈ গৈ সন্ধানহীন দুজন শ্ৰমিক

ডিজিটেল সংবাদ, ৰূপহীহাটঃ নগাঁৱৰ ৰূপহীহাটৰ হাতীপুখুৰীত অঘটন৷ পুখুৰীটোত গা ধূবলৈ গৈ সন্ধানহীন হ'ল দুজন শ্ৰমিক৷ এটা ইটাভাটাত কৰ্মৰত আছিল শ্ৰমিক দুজন। সন্ধানহীন শ্ৰমিক দুজন ক্ৰমে- জিতেন আৰু আনাৰুল ইছলাম বুলি জানিব পৰা গৈছে৷

শ্ৰমিক দুজনৰ সন্ধানত ৰাইজে পুখুৰীটোত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ প্ৰায় ৩ ঘণ্টা সময় বিচৰাৰ পাছতো কোনো সন্ধান পোৱা নাই শ্ৰমিক দুজনৰ।

ইফালে, ইমান সময় অতিক্ৰম কৰি যোৱাৰ পাছতো শ্ৰমিক দুজনৰ সন্ধানৰ বাবে কোনো প্ৰশাসনৰ লোক তথা উদ্ধাৰকাৰী বাহিনী উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in