ৰূপহীৰ কাৱৈমাৰীত আৰক্ষীৰ গুলীচালনাঃ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ৰূপহীৰ কাৱৈমাৰীত আৰক্ষীৰ গুলীচালনাঃ  দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰ মহকুমাৰ ৰূপহী থানাৰ অন্তৰ্গত কাৱৈমাৰীত বুধবাৰে নিশা এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰস্থিতিৰ সৃষ্টি হয় ৷পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰে যে পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ অবশেষত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷

জানিব পৰা মতে এ এছ ০২ আৰ ১৪৮৫ নম্বৰৰ ব'লেৰো বাহনে খনে বিদ্যুৎৰ খুটাত খুন্দা মৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।ঘটনা সংঘটিত কৰি পলায়ন কৰে ব'লেৰোখনত থকা লোককেইজনে। এই ঘটনাক লৈয়ে উত্তেজিত হৈ পৰে ৰাইজ ৷ ৰাইজে ব'লেৰোখনত থকা লোক কেইজনক গ্ৰেপ্তাৰৰ দাবীত পৰিস্থিতি উত্তাল কৰি তোলে ৷

ক্ষুব্ধ ৰাইজৰ উত্তাল প্ৰতিবাদত পৰিবেশ অবৰ্ণনীয় হৈ পৰে ৷ইয়াৰ পাছতে ক্ষোভিত ৰাইজক নিয়ন্ত্ৰন কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ তিনিজাই গুলীচালনা কৰিবলৈ বাধ্য হয় ৷আৰক্ষী আৰু স্থানীয় ক্ষুব্ধ ৰাইজৰ মাজত চলা সংঘাতত এজন আৰক্ষী আহত হয় বুলি জানিব পৰা গৈছে ৷ বাতৰি যুগুটোৱা সময়লৈকে অঞ্চলটোত পৰিস্থিতি নিয়ন্ত্ৰন হোৱা নাই ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in