কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত কাৰ্যবাহী সদস্যৰ চাডেন ভিজিট…

কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত কাৰ্যবাহী সদস্যৰ চাডেন ভিজিট…

ডিজিটেল সংবাদ,কোকৰাঝাৰ: কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত আজি বিটিচিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই চাডেন ভিজিট দিয়ে। কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি কাৰ্যবাহী সদস্য চিকিৎসকৰ অনিয়মীয়া উপস্থিতি দেখি ক্ষুণ্ণ হৈ পৰে আৰু কৰ্তব্যত ফাঁকি দিয়া চিকিৎসকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি দাবী কৰিছে।

কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে' ই চিকিৎসালয়খন পৰিদৰ্শনৰ পিছত সংবাদমাধ্যমৰ আগত কৰ্তব্যত ফাঁকি দি যিসকল চিকিৎসক নাৰ্ছিংহোমত বহে বা প্ৰাইভেট চেম্বাৰত প্ৰেক্টিছ কৰে তেনে চিকিৎসকৰ দৰমহা বন্ধ বা নিলম্বন কৰা হব বুলি মন্তব্য কৰিছে। কৰ্তব্যত গাঁফিলতি নচলিব বুলি মন্তব্যৰে চিকিৎসালয়সমুহৰ আন্ত:গাঁথনি উন্নত কৰা হব বুলি ঘোষণা কৰি স্বাস্থ্য আৰু পৰিয়ালকল্যাণ বিভাগত ২০০ কোটিতকৈ অধিক বকেয়া ধন আদায় দিবলৈ বাকী থকাৰ পিছতো আৰু স্বাস্থ্য বিভাগৰ উন্নতিকল্পে বহু আঁচনি গ্ৰহণ পিছতো স্বাস্থ্যখণ্ডৰ পয়ালগা অৱস্থাত আশ্চৰ্য প্ৰকাশ কৰে।

স্বাস্থ্য বিভাগৰ উন্নতিকল্পে চৰকাৰে আঁচনি লব আৰু অহা ৮ জানুৱাৰীত ওদালগুৰী জিলাৰ চিকিৎসালয়সমুহ পৰিদৰ্শন কৰিব বুলি মন্তব্য কৰিছে কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই। ইপিনে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড° এ এচ শৰ্মাই চিকিৎসালয়খনত কিছুমান সমস্যা আছে বুলি মন্তব্য কৰিছে।

পুৰণি বিল্ডিংৰ চাল বেয়া হোৱাৰ বাবে এজাক বৰষুণতে পানী সোমায় বুলি মন্তব্যৰে জেনেৰেল মেডিচিনত এজন বিশেষজ্ঞ চিকিৎসকৰ অতিকে প্ৰয়োজন বুলি উল্লেখ কৰে । তদুপৰি চিকিৎসালয়খনত বৰ্তমান মাথো এগৰাকী এনাছথেতিয়লজিষ্ট থকাৰ বাবে বহু পেচেণ্টক ৰেফাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় বুলি মন্তব্যৰে অস্থিৰোগ বিশেষজ্ঞ চিকিৎসকৰো প্ৰয়োজন বুলি অধীক্ষক ড° এ এচ শৰ্মাই সদৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in