অসমৰ ৰাজনীতিত অমৰেশ পুৰী আৰু শক্তি কাপুৰ কোন?

অসমৰ ৰাজনীতিত অমৰেশ পুৰী আৰু শক্তি কাপুৰ কোন?

ডিজিটেল সংবাদ, অভয়াপুৰীঃ ধুবুৰী জিলাৰ চাপৰৰ কৃষ্ণকলি চাহ বাগিচাত দ্বিতীয় পৰ্যায়ৰ এখন নিৰ্বাচনী সভাত উপস্থিত হৈ মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰে বিস্ফোৰক মন্তব্য৷ তেওঁ কয়- 'অসমৰ জাতীয় নায়ক সৰ্বানন্দ এতিয়া সম্পূৰ্ণ খলনায়ক। আগতে আধা খলনায়ক আছিল যদিও এতিয়া সম্পূৰ্ণ ৰূপে খলনায়কত পৰিণত হৈছে।' বিধায়কগৰাকীয়ে সৰ্বানন্দক অমৰেশ পূৰীৰ বুলি অভিহিত কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাক শক্তি কাপুৰৰ বুলি অভিহিত কৰে৷ লগতে অসমৰ ৰাইজক হিৰো বুলি আখ্যা দিয়ে বিধায়কগৰাকীয়ে।'

অসমৰ হিৰো ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচনত খলনায়ক দুগৰাকীক বিধ্বস্ত কৰিব বুলি ব্যক্ত কৰে তেওঁ। ইয়াৰোপৰি, অগপ আৰু বিজেপিৰ মাজত চলি থকা তীক্ষ্ণ বাক্যবান এখন ফ্ল'প নাটক বুলি আখ্যা দিয়ে। তেওঁ কয়- 'এই নাটকখনৰ কোনো টিআৰপি নাই৷ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছাত্ৰ-ছাত্ৰীক স্কুটি দিয়া যি প্ৰতিশ্ৰুতি দিছিল সম্প্ৰতি আমি চাইকেল চলায়ে চলাই যাব লগাত পৰিছে। অসমৰ ৰাইজে হেলিকপ্টাৰ লৈ ভোট বিছাৰি ফুৰা বিজেপিৰ কৌশল বুজি পাইছে।' মুখ্যমন্ত্ৰী গৰাকীয়ে হেলিকপ্টাৰ, জেট বিমান, ফাইটাৰ বিমান লৈ ফুৰিলেও ৰাইজে বিজেপিক ভোট নিদিয়ে বুলি ব্যক্ত কৰে বিধায়ক কুৰ্মীয়ে।

'বিজেপিয়ে অসমৰ ৰাইজক প্ৰলোভন, লোভ, মিছা প্ৰতিশ্ৰুতি আদি দেখুৱাইছে। আমি মিছা মাতিব নোৱাৰো, তথাপি ৰাইজে স্বতঃফূৰ্তভাৱে কংগ্ৰেছৰ হকে আগবাঢ়ি আহিছে।'- আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক বিপুল ভোটত জয়ী হ'ব বুলি আশা ব্যক্ত কৰে তেওঁ। ইপিনে নিজৰ গাদীৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰী গৰাকী ২০১৬ চনৰ নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে মাত মাতিব পৰা নাই বুলিও কয়। উল্লেখ্য কংগ্ৰেছৰ নিৰ্বাচনী সভাখনত ৰাজ্য সভাৰ সাংসদ শান্তিয়াজ কুজুৰো উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in