বিধ্বস্ত ঐতিহাসিক ধোদৰ আলি! হাতত কোৰ লৈ মেৰামতিত লাগিল বিধায়ক ৰূপজ্যোতি…

বিধ্বস্ত ঐতিহাসিক ধোদৰ আলি! হাতত কোৰ   লৈ মেৰামতিত লাগিল বিধায়ক ৰূপজ্যোতি…

বিধ্বস্ত ঐতিহাসিক ধোদৰ আলি! হাতত কোৰ লৈ মেৰামতিত লাগিল বিধায়ক ৰূপজ্যোতি…

ডিজিটেল সংবাদ মৰিয়নিঃ মৰিয়নী সমষ্টিৰ হৃদয় ৰেখা স্বৰূপ ঐতিহাসিক ধোদৰ আলি বিধস্ত অৱস্থাই জ্বলা কলা খুৱাই আহিছে জনসাধাৰণক।আজি পুৱা হাতত কোৰ লৈ জৰাজীৰ্ণ ধোদৰ আলি মেৰামতিত লাগিল বিধায়ক ৰূপজ্যোতি কুৰ্মী।উল্লেখ যে, ঐতিহাসিক পথটো পুনৰ নিৰ্মানৰ বাবে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দীৰ্ঘদিনৰ পৰা দাবী প্ৰতিবাদ কৰি আহিছে যদিও গা নলৰিল চৰকাৰ তথা লোকনিৰ্মান বিভাগৰ।

আনহাতে নিতৌ ন ন কৰ্ম কাণ্ডৰে সংবাদ শিৰোনমা দখল কৰা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি পুৱা হাতত এখন কোৰ লৈ মৰিয়নিৰ হেমলাইৰ সমীপত ধোদৰ আলি মেৰামতিত অকলে ব্যস্ত হৈ পৰে। বিধায়ক গৰাকীয়ে পথটোৰ দ দ গাঁতত জমা হোৱা পানীবোৰ নলা কাটি আঁতৰাবলৈ চেষ্টা কৰে। মৰিয়নি সমষ্টিৰ পৰা চতুৰ্থ বাৰৰ বাবে বিধায়ক ৰূপে নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীয়ে বিধস্ত ধোদৰ আলিত এনেদৰে কোৰ লৈ ব্যস্ত হৈ পথটো পুনৰ নিৰ্মানৰ বাবে চৰকাৰৰ ওচৰত প্ৰতীকী প্ৰতিবাদ কৰা বুলি জানিবলৈ দিয়ে।

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধোদৰ আলিটো মেৰামতি কৰা ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ আৰু বিজেপি কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰি বৰ্তমানৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক পথটো নিৰ্মানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধোদৰ আলিটো নিৰ্মানৰ বাবে পুঁজি মুকলি কৰি দিবলৈ অনুৰোধ জনোৱা লগতে মুখ্য মন্ত্ৰী গৰাকী নিজে আহি পথটো নিৰ্মানৰ শুভাৰম্ভ কৰিবলৈও আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in