এফালে মন্ত্ৰীত্ব সম্প্ৰসাৰণ আনফালে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানঃ  বিপদত বিধায়ক ৰূপজ্যোতি!

এফালে মন্ত্ৰীত্ব সম্প্ৰসাৰণ আনফালে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানঃ বিপদত বিধায়ক ৰূপজ্যোতি!


ডিজিটেল সংবাদ মৰিয়নিঃ কংগ্ৰেছ চৰকাৰৰ দিনত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপে তিনিটা কাৰ্যকাল ভোগ কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে চলিছে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ২০১১ৰ পৰা ২০১৭ বৰ্ষলৈ বিধায়ক পুঁজিৰ ব্যৱহাৰত ব্যাপক অনিয়ম হোৱা বুলি ২০১৭ চনত এগৰাকী বিজেপি নেতাই মুখ্য মন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাত অভিযোগ উত্থাপন কৰিছিল।

সেই অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰিয়নি আৰু যোৰহাট উপায়ুক্ত কাৰ্যালয়ত অনুসন্ধান চলাইছিল। কিন্তু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চতুৰ্থবাৰৰ বাবে কংগ্ৰেছী বিধায়ক ৰূপে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত জয়ী হোৱাৰ কেইমাহমান পাছতে বিজেপিত যোগদান কৰে।

ইয়াৰ পাছতে বিধায়ক গৰাকীৰ বিৰুদ্ধে চলা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তদন্তও স্তব্ধ হৈ পৰে। কিন্তু ৯ জুনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি ঘোষণা কৰা পাছত ইয়াৰ এদিন পূৰ্বে মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পুঁজি ব্যৱহাৰত সংঘটিত অনিয়মৰ তদন্তৰ বাবে দুৰ্নীতি নিবাৰক শাখা উপস্থিত হোৱা কাৰ্যই যথেষ্ট তাৎপৰ্যবহন কৰিছে।

যিহেতু ন বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত মন্ত্ৰীত্ব প্ৰত্যাশী বিধায়কসকলৰ ভিতৰত অন্যতম বুলি চৰ্চা চলি আছে। ইপিনে কাইলৈ সম্প্ৰসাৰণ হ'বলগীয়া মন্ত্ৰীসভাত ৰূপজ্যোতি কুৰ্মীক অন্তৰ্ভুক্ত কৰাৰ বাবে দুৰ্নীতি নিবাৰক শাখাই বিধায়কগৰাকীৰ বিৰুদ্ধে উঠা অভিযোগৰ তদন্ত প্ৰক্ৰিয়া সমাপন কৰি বিধায়কগৰাকীক ক্লীনশ্বীত দিয়াৰ বাবে দলটো মৰিয়নিত উপস্থিত হোৱা বুলি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ঘনিষ্ঠ একাংশই জানিব দিছে।

যদিহে দুৰ্নীতি গাপ দিবৰ বাবেই এনেদৰে দুৰ্নীতি নিবাৰক শাখাই এখন নাটকৰ সৃষ্টি কৰিছে তেনেহলে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিবিৰোধী অভিযানক লৈ নিশ্চিতভাবে উত্থাপিত হ'ব বহু প্ৰশ্নৰ। আজি তদন্তকাৰী দলটোৱে মৰিয়নি নগৰ সমিতি আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে মৰিয়নিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক বিতৰণ কৰা বিধায়ক পুঁজি সঠিক ব্যৱহাৰ সম্পৰ্কে চৰজমিন তদন্ত চলায়।

আনহাতে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অহা ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মৰিয়নি বিধায়ক গৰাকীয়ে কংগ্ৰেছৰ দিনত সংঘটিত কৰা দুৰ্নীতি অনিয়ম প্ৰমানিত হ'লে শাসকীয় দলৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in