অভিলেখৰ পিছত অভিলেখ গঢ়িছে ভাৰতীয় টকাই!

অভিলেখৰ পিছত অভিলেখ গঢ়িছে ভাৰতীয় টকাই!

ডিজিটেল ডেস্কঃ অভিলেখৰ পিছত অভিলেখ গঢ়াই যেন এতিয়া লক্ষ্য হৈ পৰিছে টকাৰ। সোমবাৰে মূল্যৰ পতনৰে পুনৰ নতুন অভিলেখ গঢ়ে ভাৰতীয় টকাই। ১ মাৰ্কিন ডলাৰৰ তুলনাত সপ্তাহটোৰ প্ৰথমটো দিনতে ভাৰতীয় মুদ্ৰা মূল্য অৱনমিত হয় ৭২.৬৭ টকা হয়গৈ।

যোৱা সপ্তাহৰ তুলনাত ৯৪ পইচা হ্ৰাস পাই এনেদৰে ডলাৰৰ বিপৰীতে পতনৰ সন্মুখীন হয় ভাৰতীয় টকা। মাৰ্কিন ডলাৰৰ ক্ৰমবৰ্ধমান চাহিদা আৰু খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলতে টকাৰ এই পতন বুলি দাবী কৰিছে অৰ্থনৈতিক বিশেষজ্ঞসকলে।

ইফালে টকাৰ মূল্যৰ এনে পতনক লৈ বাহিৰত কোনো শংকাৰ ভাৱ নেদেখুৱালেও ভিতৰি উদ্বিগ্ন হৈ পৰিছে মোডী চৰকাৰ। টকাৰ পতন কিদৰে ৰোধ কৰিব পাৰি সেই লৈ কেবাগৰাকী অৰ্থনৈতিক বিশেষজ্ঞৰো পৰামৰ্শ বিচাৰিছে চৰকাৰে।

বিষয়টোক লৈ ইতিমধ্যে বিত্ত মন্ত্ৰণালয় আৰু ৰিজাৰ্ভ বেংকৰ মাজত আলোচনা আৰম্ভ হৈছে। প্ৰয়োজন হ'লে ৰিজাৰ্ভ বেংকে শ্বেয়াৰ বজাৰত হস্তক্ষেপ কৰিবলৈকো যো-জা চলাইছে বুলিও জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in