পথ সুৰক্ষাৰ বাবে ১২ হাজাৰ শিশুৱে আকিলে ছবি, ৰূপান্তৰৰ উদ্যোগত প্ৰয়াত অচিন্ত্য নাৰায়ণ মহন্ত সোঁৱৰণি চিত্ৰ প্ৰদৰ্শনীৰ শুভাৰম্ভণি, VIDEO

পথ সুৰক্ষাৰ বাবে ১২ হাজাৰ শিশুৱে আকিলে ছবি, ৰূপান্তৰৰ উদ্যোগত প্ৰয়াত অচিন্ত্য নাৰায়ণ মহন্ত সোঁৱৰণি চিত্ৰ প্ৰদৰ্শনীৰ শুভাৰম্ভণি, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'কোনো এজন চিত্ৰকৰে ছবিৰ মাজেৰে কথা এটা হূদয় চুই যোৱাকৈ প্ৰকাশ কৰিব পাৰে। যান বাহন আইনৰ জৰিয়তে পৰিবহন বিভাগে কোনো লোকক বাহন চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ বাধ্য কৰে। চিত্ৰই সেই কথা মানুহৰ মনত অতি কম সময়তে ভৰাই দিব পাৰে।' বৃহস্পতিবাৰে মহানগৰীৰ চান্দমাৰীস্থিত আৰ্টিষ্টছ গিল্ডত অনুষ্ঠিত অচিন্ত্য নাৰায়ণ মহন্ত সোঁৱৰণি চিত্ৰ প্ৰদৰ্শনীৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে বিশিষ্ট ঔপন্যাসিক ফনীন্দ্ৰ দেৱ চৌধুৰীয়ে।

৪ জুলাইৰ পৰা ৭ জুলাইৰ লৈকে হ'ব লগীয়া এই অনুষ্ঠানত উপস্থিত থাকি তেখেতে বিশিষ্ট চিত্ৰ শিল্পী বেণু মিশ্ৰ, বিশিষ্ট কবি প্ৰয়াত হিৰেন ভট্টাচাৰ্যৰ লগতে বৃহস্পতিবাৰে দেহাৱসান ঘটা বিশিষ্ট নাট্যকাৰ বিপুল বশিষ্ঠ গোস্বামীক সোঁৱৰে। তেখেতে কয়, শিশুসকলৰ চিন্তা শক্তি অতি প্ৰসৰ। শিশুসকলে দৈনিক ন ন চিন্তা কৰে। এজন প্ৰাপ্তবয়স্ক লোকৰ চিন্তা শক্তিৰ সীমাবদ্ধতা থাকে কিন্তু এটি শিশুৱে দৈনিক ন ন কথা শিকি সেই কথাৰে আমাৰ সমাজৰ বাবে অনাগত দিনত বহু পৰিৱৰ্তন আনিব পাৰিব।

বৃহস্পতিবাৰৰ অনুষ্ঠানটোত ৰাজ্যৰ বহুক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাখনত বিশিষ্ট ঔপন্যাসিক গৰাকীৰ লগতে উপস্থিত থাকে শিশু সাহিত্যিক, গল্পকাৰ প্ৰভাত গোস্বামী, কামৰূপৰ পৰিবহন বিষয়া গৌতম দাস, মুনিন্দ্ৰ নাৰায়ন ভট্টাচাৰ্য, প্ৰয়াত অচিন্ত্য নাৰায়ণ মহন্তৰ পুত্ৰ-কন্যা বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত-ডঃ অৰুন্ধতি মহন্ত, জোৱাই শিৱসাগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ নিলমণি মহন্ত ইত্যাদি বিশিষ্ট ব্যক্তিসকল।

অচিন্ত্য নাৰায়ণ মহন্তৰ সোঁৱৰণত বিগত ৬বছৰ ধৰি ৰূপান্তৰে অনুষ্ঠিত কৰি আহিছে চিত্ৰ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী। উল্লেখ্য যে, অচিন্ত্য নাৰায়ণ মহন্তই ১৯২৪ চনত জন্মগ্ৰহণ কৰিছিল। সত্ৰীয়া নৃত্যৰ সাধক, সুদক্ষ নাট্যকাৰৰ লগতে এগৰাকী অভিনেতা, সত্ৰীয়া পৰিৱেশত ডাঙৰ দীঘল হোৱা প্ৰয়াত মহন্তই সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়াই গৈছে বিভিন্ন অৱদান। ৬খনকৈ অংকীয়া নাটকৰ ৰচনা কৰা প্ৰয়াত অচিন্ত্য নাৰায়ণ মহন্ত নগাঁও মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ।

চৰকাৰৰ এগৰাকী গুৰুত্বপূৰ্ণ বিষয়া হিচাপে চৰকাৰী কাম কাজত ব্যস্ত থকাৰ মাজতে প্ৰয়াত মহন্তই সমাজৰ বাবে বহুতো উল্লেখনীয় কাম কাজ কৰি গৈছে। অসম সত্ৰ মহাসভাৰ নগাঁও জিলা সমিতিৰ উপ সভাপতি হিচাপে কাৰ্য নিৰ্বাহ কৰা প্ৰয়াত মহন্তৰ পত্নী হিৰণ্য প্ৰভা মহন্তই জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় ছবি ইন্দ্ৰমালতিত অভিনয় কৰি সেই সময়তে নিজৰ অভিনয় প্ৰতিভা দেখুৱাই গৈছে। ২০০৪ চনৰ ১৬ জুনত দেহাৱসান ঘটে প্ৰয়াত অচিন্ত্য নাৰায়ণ মহন্তৰ।

আন বছৰ সমূহৰ দৰে এই বৰ্ষতো ৰূপান্তৰৰ চিত্ৰ প্ৰতিযোগিতাৰ বিষয় বস্তু আছিল পথ সুৰক্ষা। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ১২,৭০০ প্ৰতিযোগিয়ে অংশ লোৱা এই প্ৰতিযোগিতাৰ বচা বচা ৫০ খন ছবি গুৱাহাটী আৰ্টিষ্টছ গিল্ডত প্ৰদশন কৰা হৈছে।

সোমবাৰৰ চিত্ৰ প্ৰদৰ্শনীখন শুভাৰম্ভ কৰি কামৰূপৰ পৰিৱহন বিষয়া গৌতম দাসে কয় যে, যান বাহন আৰু পথ সুৰক্ষা এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে। এসময়ত মানৱ জাতিৰ সুবিধা হোৱাকৈ যানবাহনৰ আৱিস্কাৰ কৰা হৈছিল এতিয়া মানুহে যান বাহনক লৈ চিন্তিত হোৱা দেখা গৈছে। দৈনিক বহু দুৰ্ঘটনা সংঘটিত হৈছে। কোনো লোকে যদি পুত্ৰ-কন্যাক হেৰুৱাইছে, আন কোনোবাই আকৌ নিজৰ স্বামীকে হেৰুৱাবলগীয়া হৈছে। অসাৱধানতাৰ বাবে দৈনিক সংঘটিত হৈছে বহু পথ দুৰ্ঘটনা। কিন্তু এই সমূহ নোহোৱা কৰিবলৈ আমি চেষ্টা কৰি আছো। চৰকাৰী বিষয়া কেইজনমানহে আছো আমি, এয়া তেনেই নগণ্য। সকলো লোকে এক হৈ ওলাই আহিলেহে এদিন পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাব।

তেখেতে লগতে কয় যে, আমি কোনো ঠাইলৈ যাবৰ বাবে যি যান বাহন ব্যৱহাৰ কৰো সেই যানবাহনে কেতিয়াবা আমাৰ বাবে অভিশাপ হিচাপে দেখা দিয়ে নেকি সেই কথা চিন্তা কৰাৰ প্ৰয়োজন।

মুনিন্দ্ৰ নাৰায়ন ভট্টাচাৰ্যই বৃহস্পতিবাৰৰ অনুষ্ঠানটোত উপস্থিত থাকি কয় যে, শিশু সকলৰ সৃজনশীলতা জন্মৰ ডেৰৰ পৰা দুবছৰৰ বয়সতে আৰম্ভ হয়। শিশুসকলৰ ক্ষেত্ৰত শিকন শিক্ষণ প্ৰক্ৰিয়াত গুৰুত্ব দিব লাগে। শিশুসকলক পৰম্পৰাগত মাধ্যমেৰে শিক্ষা দিয়াৰ বিপৰীতে একবিংশ শতিকাত শিকন শিক্ষণ প্ৰক্ৰিয়াৰে শিক্ষা দিয়াৰ কথা উল্লেখ কৰে তেখেতে।

প্ৰয়াত অচিন্ত্য নাৰায়ণ মহন্তৰ সুযোগ্য সন্তান বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই বৃহস্পতিবাৰৰ অনুষ্ঠানত উপস্থিত থাকি বৰ্তমান সমাজত এখন চিত্ৰই কেনে প্ৰভাৱ পেলাব পাৰে সেই কথা উল্লেখ কৰে। তেখেতে এটা কাৰ্টোনৰ উদাহৰণ দি আগবঢ়োৱা সাৰুৱা ভাষণত উল্লেখ কয়, বৰ্তমান সময়ত এখন চিত্ৰই কোনো লোকৰ মানসিকতা সলনি কৰি দিব পাৰে। কেইদিনমান পূৰ্বে দেখিবলৈ পোৱা এখন কাৰ্টোনত উল্লেখ কৰা হৈছে এটা ফোনকলৰ কথা। ফোনকলটোত কোনো বৃদ্ধাশ্ৰমৰ পৰা এঘৰ লোকলৈ ফোন কৰি কৈছে, 'আপোনাৰ বাতৰি কাকতত কুকুৰ হেৰুওৱা বিজ্ঞাপন এটা দেখিছিলো। আপোনালোকৰ কুকুৰটো আপোনালোকৰ মাৰ সৈতে আমাৰ বৃদ্ধাশ্ৰমত খেলি আছে।'

যোৱা ৬বছৰে ৰূপান্তৰে অনুষ্ঠিত কৰা চিত্ৰ প্ৰতিযোগিতাৰ সকলো ছবিয়ে সমাজৰ বাবে একো একোটা বাৰ্তা বহন কৰি আহিছে বুলি উল্লেখ কৰি তেখেতে কয়, শিশুসকলৰ প্ৰতিখন ছবিতে বৰ্তমান সময়ৰ সমাজৰ এখন নিৰ্ভেজাল ছবি দেখিবলৈ পোৱা যায়। ইফালে তেখেতৰ পিতৃৰ নামত ৰূপান্তৰে লোৱা এই পদক্ষেপৰ বাবে ৰূপান্তৰক ধন্যবাদ জ্ঞাপন কৰে বিশিষ্ট সাংবাদিক গৰাকীয়ে। ৰূপান্তৰৰ মুখ্য সচিব ৰক্তাভজ্যোতি বৰাই আতঁ ধৰা অনুষ্ঠানটোত পিতৃয়ে সৰুকালতে তেওঁলোকক চিত্ৰৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে কেনেদৰে চেষ্টা কৰিছিল সেই কথা সোঁৱৰি প্ৰকাশ মহন্তই কয় যে, সৰুকালতে কাঠ পেঞ্চিলেৰে আমি ছবি আকিছিলো। কেতিয়াবা আমি কচুঁপাতেৰেও ছবিত ৰং কৰিছিলো।

উল্লেখ্য যে, বিগত ছবছৰত ৰূপান্তৰে সংগ্ৰহ কৰিছে ৩০ হাজাৰ ছবি। এই ছবিসমূহ সংৰক্ষণৰ ক্ষেত্ৰত অসুবিধাটো পৰিছে ৰূপান্তৰৰ কৰ্মকৰ্তাসকল। কিয়নো তেওঁলোকৰ নাই নিজা ঘৰ অথবা কাৰ্যালয়।

উল্লেখ্য যে, ষষ্ঠ বাৰ্ষিক উত্তৰ পূৰ্বাঞ্চল ভিত্তিক ৰূপান্তৰৰ এই ছবি অঁকা প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানটি অহা ৬ জুলাইত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সেইদিনা ৰাতিপুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হবলগা এক মনোজ্ঞ অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ২৫০ৰো অধিক প্ৰতিযোগীক বঁটা প্ৰদান কৰা হ'ব।

একেটা অনুষ্ঠানতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ মনোনীত ছবি সমূহৰ ৰঙীন আৰু আটক ধুনীয়া সংকলন এখনো উন্মোচন কৰা হব। বৃহস্পতিবাৰৰ পৰা প্ৰদৰ্শন কৰা ছবিসমূহত বিভিন্ন শিশুৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে পথ সুৰক্ষা সংক্ৰান্তত বহু দিশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in